Site icon Guwahati Times

পথ দুৰ্ঘটনাত অকাল মৃত্যু ফটো সাংবাদিকৰ

দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰি উভতি অহা সময়ত নিজে দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাবতিলে বিশ্বনাথৰ এজন ফটো সাংবাদিকে। শনিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

উল্লেখ্য যে বিশ্বনাথৰ যুৱক তথা এটা চেটেলাইত চেনেলৰ ফটো সাংবাদিক নিৰ্বান নয়ন হাজৰিকাই শনিবাৰে নিশা এটা বাতৰি সংগ্ৰহ কৰি নিজ গৃহ অভিমুখে গৈ থকা সময়তে এক পথ দুৰ্ঘটনাত পতিত হয়। জানিব পৰা মতে, বিশ্বনাথৰ বন বিভাগৰ কাৰ্যলয়ৰ সমীপৰে বি জি ৰোডৰ ৰাজপথত এজোপা প্ৰকাণ্ড গছ উভালি পৰি আছিল।

বন বিভাগৰ কাৰ্যালয় সমীপতে গছডাল বহু সময় পৰি থাকিল যদিও বন বিভাগ অথবা প্ৰশাসনে বহু সময় গছজোপা ৰাজপথৰ পৰা আঁতৰ কৰাৰ ব্যবস্থা নকৰিলে। ফলত নিশা আন্ধাৰত সেই পথৰে বাতৰি সংগ্ৰহ কৰি ঘৰলৈ গৈ থকা সময়তে ফটো সাংবাদিক নিৰ্বান নয়ন হাজৰিকাই নিজৰ মটৰ চাইকেলৰে গছ জোপাত তীব্ৰ জোৰে খুন্দা মাৰে।

আঘাতপ্ৰাপ্ত হাজৰিকাক লগে লগে স্থানীয় লোকে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ যায়। চিকিৎসাৰ বাবে গৈ থকা সময়তে অকাল মৃত্যুক আকোৱালি লয় ফটো সাংবাদিক নিৰ্বান নয়ন হাজৰিকাই।

অভিযোগ অনুসৰি বিভাগীয় কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ ফলত এইদৰে এজন তেজাল যুৱকে অকাল মৃত্যুক আকোৱালি ল’বলগীয় হ’ল। নিৰ্বান নয়ন হাজৰিকাৰ এই অকাল মৃত্যুত বিশ্বনাথত শোকৰ ছাঁ পৰিছে। মৃত্যুত বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱ আৰু আপকুৱে গভীৰ শোক প্ৰকাশ কৰে ৷

Exit mobile version