Site icon Guwahati Times

‘পাক সেনাৰ সকলো আক্ৰমণ প্ৰতিহত কৰা হৈছে, বাৰম্বাৰ পাক সেনাই উলংঘা কৰিছে যুদ্ধবিৰতি’

‘অপাৰেচন সিন্দূৰ’ বিস্তৃত তথ্য। শুকুৰবাৰে সন্ধিয়া ৫.৩০ বজাত বিদেশ-প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সম্বোধন কৰে সংবাদমেল। সংবাদমেল সম্বোধন বিদেশ সচিব বিক্ৰম মিশ্ৰিৰ। সংবাদমেলত উপস্থিত কৰ্ণেল ছোফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যৌমিকা সিং।

অপাৰেচন সিন্দূৰক লৈ বিদেশ মন্ত্ৰালয়ৰ এয়া তৃতীয়খন সংবাদমেল।

কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে কয়, ‘পাক সেনাই বাৰম্বাৰ যুদ্ধ বিৰতি উলংঘা কৰিছে। পাক বায়ু সেনাই ধাৰাবাহিকভাৱে আক্ৰমণ কৰিছিল। পাক সেনাৰ প্ৰতিটো আক্ৰমণক প্ৰতিহত কৰা হৈছিল। ভাৰতীয় সেনাৰ চাউনীত আক্ৰমণৰ ব্যৰ্থ চেষ্টা কৰিছিল পাক সেনাই।’

তেওঁ কয়, ‘দেশৰ পশ্চিমাঞ্চলত আক্ৰমণ কৰিছিল পাক সেনাই। ৩৬স্থানত আক্ৰমণৰ চেষ্টা কৰিছিল পাক সেনাই। পাক বায়ু সেনাই আকাশমাৰ্গৰে আক্ৰমণৰ চেষ্টা কৰিছিল। ৫০০ ড্ৰোণেৰে ভাৰত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে। ৮মে’ৰ নিশা ৫০০ ড্ৰোণেৰে পাক সেনাই কৰিছিল আক্ৰমণ। ২১০ মিনিটত ৫০০ ড্ৰোণেৰে আক্ৰমণ কৰিছিল। ৪ ৰাজ্যৰ ২৪ চহৰত কৰিছিল আক্ৰমণ। ভাৰতে এই সকলো আক্ৰমণ আকাশমাৰ্গতে প্ৰতিহত কৰে।’

আকাশমাৰ্গতে প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰা হয় বুলি উল্লেখ কৰি কুৰেশ্বিয়ে কয়, ‘S-400 ডিফেন্স ছিষ্টেমে বিফল কৰিছিল পাকিস্তানৰ আক্ৰমণ। আকাশ মাৰ্গতে পাক মিছাইল- ড্ৰোণ ধ্বংস কৰা হৈছিল।’

Exit mobile version