Site icon Guwahati Times

পিষ্টল–নগদ ধনসহ ১০ অভিযুক্তক গ্রেপ্তাৰ, পলাতক ৩

ভটাপাৰাত সংঘটিত চাঞ্চল্যকৰ দিন–ডকাইতিত জড়িত থকাৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই ১০ অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ হাতীগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকাৰ নেতৃত্বত ধুবুৰী, গুৱাহাটী, বিহাৰত পৃথকে পৃথকে চলা অভিযানত ১০ অভিযুক্তক এটা ৭.৬২ পিষ্টলসহ গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী দলটোৱে নগদ ২.৫৭ লাখ টকাও উদ্ধাৰ কৰে৷ ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকাই জানিবলৈ দিয়া মতে, যোৱা ৩১ ডিচেম্বৰত ভেটাপাৰাৰ চি এম এছ কোম্পানীৰ কর্মচাৰী নয়নমণি দাসৰ পৰা চিনেমাৰ কায়দাৰে এটা ১০ জনীয়া দুর্বৃত্তৰ দলে নগদ ২০ লাখ টকা লুট কৰি নিছিল৷ উক্ত ঘটনা সন্দর্ভত হাতীগাঁও থানাত ৰুজু হোৱা ৮০০/২০২০ নম্বৰৰ গোচৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে যোৱা ৫ জানুৱাৰীত সঞ্জীৱ সিং (২৭) আৰু মমতাজ আলী (২৩) নামৰ লোক দুজনক গ্রেপ্তাৰ কৰে৷ ধৃত লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বক্রাপাৰাৰ পৰা সঞ্জীৱ সিঙৰ পত্নী মেঘালী দাসক গ্রেপ্তাৰ কৰাৰ লগতে নগদ ২ লাখ ৫৭ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত লোককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই কামাখ্যা সিং (২৪) নামৰ লোকজনক গ্রেপ্তাৰ কৰাৰ লগতে এটা ৭.৬২ পিষ্টল উদ্ধাৰ কৰে৷ হাতীগাঁও আৰক্ষীৰ এটা দলে বিহাৰৰ ৰাজপুৰত অভিযান চলাই এই ডকাইতি কাণ্ডৰে জড়িত আদিত তিৱাৰী (২০) নামৰ লোকজনকো গ্রেপ্তাৰ কৰে৷ যোৱা ৫ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈকে চলোৱা অভিযানত ধুবুৰীৰ আশ্রাফুল শ্বেখ (২৮), বাক্সাৰ বিজু বসুমতাৰী (২৭), সুৰেন বসুমতাৰী (২৮), ৰিংচন চৌধুৰী (৩৪) আৰু বঙাইগাঁৱৰ ৰামনচন্দ্র নাথ (২৪)ক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই ডকাইতি কাণ্ডৰে জড়িত তিনিজন লোক এতিয়াও পলাতক হৈ আছে৷

Exit mobile version