শনিবাৰে মুখ্যমন্ত্ৰী সামাজিক মাধ্যমযোগে কয়, ‘টুইন টাৱাৰৰ বিষয়ে সুধি থকাসকলক জনাব বিচাৰিছোঁ যে এয়া গুৱাহাটীৰ বেতকুছিত আমি নিৰ্মাণ কৰি থকা সংহত সঞ্চালকালয় পৰিসৰৰ ৰূপ।’
ৰাজ্যত পুনৰ চৰ্চালৈ আহিছে টুইন টাৱাৰৰ প্ৰসংগ। ‘এডভাণ্টেজ আছাম 2.O’ৰ সফল সামৰণিৰ পাছত সামাজিক মাধ্যমত উত্থাপন হৈছিল টুইন টাৱাৰৰ প্ৰসংগ।
২০১৮ চনত সৰ্বানন্দ সোণোৱাল চৰকাৰে অনুষ্ঠিত কৰা এডভাণ্টেজ আছামৰ সময়ত ৰাজ্য চৰকাৰে কৈছিল যে গুৱাহাটীত নিৰ্মাণ হ’ব সুবৃহৎ টুইন টাৱাৰ।
তাৰ পাছত দিন, মাহ, বছৰ বাগৰিল। প্ৰস্তাৱিত টুইন টাৱাৰৰ কোনো অগ্ৰগতি চকুত নপৰাত ৰাজ্যবাসীয়ে অৱতাৰণা কৰিছিল পুৰণি প্ৰসংগ।
এই বিষয়টোক লৈ শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বিশেষ মন্তব্য। তেওঁ কৈছিল, ‘৮০০ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটীৰ বেতকুছিত নিৰ্মাণকাৰ্য চলি আছে টুইন টাৱাৰৰ। ইতিমধ্যে সম্পূৰ্ণ হৈছে ৬০ শতাংশ কাম।’
শনিবাৰে মুখ্যমন্ত্ৰী সামাজিক মাধ্যমযোগে কয়, ‘টুইন টাৱাৰৰ বিষয়ে সুধি থকাসকলক জনাব বিচাৰিছোঁ যে এয়া গুৱাহাটীৰ বেতকুছিত আমি নিৰ্মাণ কৰি থকা সংহত সঞ্চালকালয় পৰিসৰৰ ৰূপ।’ নিৰ্মাণকাৰ্য চলি থকা টুইন টাৱাৰৰ তিনিখন ফটো আৰু টুইন টাৱাৰটোৰ নক্সাৰ এখন ফটো ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

