Site icon Guwahati Times

পুলিছৰ ইউনিফৰ্মত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল নেকি গৃহৰক্ষী জোৱান?

ৰাজ্যত এতিয়াও অন্ত পৰা নাই ৰঙালীৰ উছাহ। শদিয়াৰ পৰা ধুবুৰীলৈ চলি আছে ৰঙালী বিহুৰ উচাহ। ইখনৰ পিছত সিখন মঞ্চত জনপ্ৰিয় গীতেৰ সুৰৰ ঝংকাৰ তুলি আছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। প্ৰতিখন মঞ্চতে অনবদ্য ৰূপ জুবিন গাৰ্গ। সংগীত অনুষ্ঠানৰ মাজতে কেতিয়াব-কেতিয়াবা খেয়ালি ৰূপত ধেমেলিয়া জুবিন গাৰ্গ। কিন্তু তাৰ মাজতো কেতিয়াবা-কেতিয়াবা অনাকাক্ষিত ঘটনাও নঘটা নহয়। কিন্তু এইবাৰ জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানত ঘটিল কেতিয়াও কল্পনা নকৰা ঘটনা।

মঞ্চত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। অনামিকাৰ পৰা চিকাৰ ছবিলৈকে, এটাৰ পিছত আন এটা হিট গীত পৰিৱেশেন কৰি আছে জুবিন গাৰ্গে। তেতিয়া হঠাৎ মঞ্চলৈ উঠি গ’ল এগৰাকী খাকী পোচাকধাৰী মহিলা। প্ৰথমে সাবতি ধৰিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক, তাৰ পিছত গীত পৰিৱেশন কৰি থাকোতে জুবিন গাৰ্গক মঞ্চতে আৰক্ষীৰ পোচাকত কৰিলে সেৱা। তাৰ পিছেত বিদ্যুৎ গতিত সামাজিক মাধ্যমত বিয়পি পৰিল ভিডিঅ’।

অৱশেষত জুবিন গাৰ্গক মঞ্চতে সেৱা কৰি চাকৰিৰ পৰা নিলম্বিত হ’ল এগৰাকী মহিলা গৃহৰক্ষী জোৱান। চাবুৱাত অনুষ্ঠিত জুবিন গাৰ্গৰ এক অনুষ্ঠানত মঞ্চতে সাৱতি ধৰিছিল মহিলা গৃহৰক্ষী জোৱানগৰাকীয়ে। আৰক্ষীৰ পোছাকতে মহিলা গৃহৰক্ষী জোৱানগৰাকীয়ে মঞ্চলৈ উঠি গৈ সেৱা কৰিছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এই দৃশ্য। তাৰ পিছতে গৃহ বিভাগে নিলম্বন কৰে মহিলা গৃহৰক্ষী জোৱান প্ৰভা চুতীয়াক।

Exit mobile version