Site icon Guwahati Times

পুৱাই চাহ নাখাব এই সকল লোকে, সাৱধান হওক

পুৱাই চাহ নাখাব এই সকল লোকে, সাৱধান হওক

অসমীয়া মানেই পুৱা উঠাৰ পৰা চাহ। দিনটোৰ আৰম্ভণিয়ে হয় একাপ চাহেৰে। পাছে জানেনে, অত্যাধিক চাহ সেৱন কৰা স্বাস্থ্যৰ পক্ষে বৰ এটা ভাল নহয়।

প্ৰায়ে কিছুলোকে দিনটোৰ ভিতৰত বহু কেইকাপ চাহ সেৱন কৰে। তাৰে ভিতৰত তিনিকাপ যেন নিয়মিত ৰূপে থাকেই। পাছে এনেদৰে বহু কেইকাপ চাহ খোৱাৰ ফলত বহুতো বেমাৰে লগ দিয়ে।

পুৱাই চাহ সেৱন কৰাৰ ফলত বহু লোকৰে গেষ্ট্ৰিকৰ সমস্যাই দেখা দিয়ে আজিকালি। ফলত কৌষ্ঠকাঠিন্যৰ সমস্যাও আহি পৰে।

টোপনিৰ ক্ষেত্ৰতো সমস্যা দেখা যায়। অধিক মাত্ৰাত চাব সেৱনৰ ফলত টোপনি হ্ৰাস পায়। মূৰৰ বিষ আৰম্ভ হয়, চকুৰ গুৰিয়ো কলা পৰা সমস্যা আৰম্ভ হয়।

ব্লাড প্ৰেচাৰ তথা ৰক্তচাপত বেয়া অধিক চাহ খোৱা। উচ্চ ৰক্তচাপ থকা লোকে পৰা পক্ষত দিনটোত কেৱল দুকাপ চাহ হে সেৱন কৰিব। তেতিয়া সমস্যাৰ পৰা আঁতৰি থাকিব।

পুৱাই পুৱাই চাহ সেৱনৰ ফলত ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে। শালমনৰ সমস্যা, ব্লেক হেড বা হোৱাইট হেডছ আদিৰ সমস্যাই গা কৰি উঠা দেখা যায়। বিশেষকৈ যুৱক-যুৱতীৰ মাজত অধিক হোৱা দেখা যায় এই সমস্যা।

Exit mobile version