Site icon Guwahati Times

পূৰৱী গাখীৰো হ’ল মহঙা! এইবাৰ বৃদ্ধি পালে পূৰৱী গাখীৰৰ দাম, পূৰৱী বেণ্ডৰ কোনবিধ সামগ্ৰীৰ কিমানকৈ বাঢ়িল দাম!

এফালে ৰাজ্যত এটাৰ পিছত আন এটা সামগ্ৰীৰ মূল্য বৃদ্ধি। আলু-পিঁয়াজ, শাক-পাচলিকে ধৰি প্ৰতিবিধ অত্যাৱশ্যকীয়া সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। ৰাজ্যত এইবাৰ বৃদ্ধি পালে পূৰৱী গাখীৰৰ দাম। প্ৰতি লিটাৰ পূৰৱী গাখীৰত ২ টকাকৈ পালে বৃদ্ধি। গাখীৰৰ লগতে পূৰৱী বেণ্ডৰ প্ৰতিবিধি দুগ্ধজাত সামগ্ৰীৰ বৃদ্ধি পালে দাম।

৫০০ মিলি লিটাৰৰ পূৰৱী স্মাৰ্ট প্লাছ গাখীৰ মূল্য ৩২ টকাৰ পৰিৱৰ্তে ৩৩ টকালৈ বৃদ্ধি। ৫০০ মিলি লিটাৰৰ পূৰৱী ষ্টেডাৰ্ড গাখীৰ মূল্য ৩৩ টকাৰ পৰিৱৰ্তে ৩৪ টকালৈ বৃদ্ধি। ৫০০ মিলি লিটাৰৰ পূৰৱী গ’ল্ড গাখীৰ মূল্য ৩৬ টকাৰ পৰিৱৰ্তে ৩৭ টকালৈ বৃদ্ধি। ১ লিটাৰৰ পূৰৱী স্মাৰ্ট প্লাছ গাখীৰ মূল্য ৬৪ টকাৰ পৰিৱৰ্তে ৬৬ টকালৈ বৃদ্ধি। ১ লিটাৰৰ পূৰৱী গ’ল্ড গাখীৰ মূল্য ৭০ টকাৰ পৰিৱৰ্তে ৭২ টকালৈ বৃদ্ধি।

গাখীৰ লগতে প্ৰতি ২০০ গ্ৰাম পনীৰ মূল্য ৯০ টকাৰ পৰা ৯৫ টকালৈ বৃদ্ধি পালে। আনহাতে ৪০০গ্ৰাম পূৰৱী দৈৰ মূল্য ৩৩ টকাৰ পৰা ৩৪ টকালৈ বৃদ্ধি পালে। ২০০ গ্ৰাম পূৰৱী ঘীৰ মূল্য ১৮০ টকাৰ পৰা ১৯০ টকা লৈ বৃদ্ধি পোৱাৰ লগেত ৫০০ গ্ৰাম পূৰৱী ঘীৰ মূল্য ৪৩০ৰ পৰা ৪৫০ টকালৈ বৃদ্ধি পালে।

Exit mobile version