Site icon Guwahati Times

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ভাৰতীয় সেনাই দিলে প্ৰত্য়ুত্তৰ!

ভাৰতীয় সেনাই মঙলবাৰে মাজনিশা ‘অপাৰেচন সিন্দুৰ’ অভিযান চলায়। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে ভাৰতীয় সেনাই। ভাৰতৰ বিৰুদ্ধে আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা ৯টা স্থানত ভাৰতীয় সেনাই চলালে আক্ৰমণ।

চৰকাৰে স্পষ্ট কৰিছে যে এয়া এক ফ’কাছড, মেজৰ আৰু নন-এক্সেলেটৰী অপাৰেচন। পাকিস্তানৰ কোনো সামৰিক প্ৰতিষ্ঠানত লক্ষ্য কৰা হোৱা নাই, যাৰ জৰিয়তে উত্তেজনা বৃদ্ধিৰ কোনো স্থল নাই।

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ভাৰতীয় সেনাই দিলে প্ৰত্য়ুত্তৰ। আক্ৰমণৰ পিছতে ভাৰতীয় সেনাই এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। চাওক সেই ভিডিঅ’।

ভাৰতীয় সেনাই লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলোৱাৰ কথাও জানিব পৰা গৈছে।

Exit mobile version