Site icon Guwahati Times

প্ৰথমে বিবাহিতা মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক, তাৰপিছত প্ৰেমিকাক ইটাৰে মৰিয়াই হত্যা প্ৰেমিকৰ

উত্তৰ প্ৰদেশৰ মীৰুট জিলাৰ এখন পথাৰত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ তিনিদিন পিছতে আৰক্ষীয়ে তেওঁৰ হত্যাকাণ্ডৰ সৈতে জড়িত প্ৰেমিক আৰু আন চাৰিজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে, অভিযুক্ত আদেশে আৰক্ষীক কয় যে তেওঁ আৰু তেওঁৰ বন্ধুসকলে মিলি মহিলাগৰাকীক মূৰত ইটাৰে আঘাত কৰি হত্যা কৰিছিল। হত্যা কৰাৰ পিছত মৃতদেহ পথাৰত এৰি থৈ যুৱককেইজন পলায়ন কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পৰিয়ালৰ লোকে মহিলাগৰাকীৰ হত্যাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক এজাহাৰ দাখিল কৰে। এই গোচৰৰ পিছতে আটাইকেইজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বিষয়টোৰ তদন্তত প্ৰকাশ পাইছে যে ২০১৫ চনত মহিলাগৰাকী বিনোদ নামৰ যুৱক এজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ঠিক এবছৰৰ পিছত এই দম্পতীহালৰ মাজত বিচ্ছেদ ঘটে। তাৰপিছত মহিলাগৰাকী পিতৃগৃহত থাকিবলৈ আৰম্ভ কৰে, য’ত আদেশক লগ পায় আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।

আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকী গৰ্ভৱতী হোৱাত তেঁও বিবাহৰ বাবে প্ৰেমিকক হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। তাৰপিছত মহিলাগৰাকীয়ে অহৰহ তেঁওক বিবাহ কৰাবলৈ কৰা দাবীত বিৰক্ত হৈ আদেশে বন্ধুৰ সৈতে মিলি মহিলাগৰাকীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে। যোৱা ২ জুলাইত আদেশে নিজৰ ঘৰত লগ কৰিবলৈ ফোনযোগে মহিলাগৰাকীক মাতি আনি বন্ধুৰ সৈতে মিলি ইটাৰে মৰিয়াই হত্যা কৰি মৃতদেহটো পথাৰত পেলাই থৈ আহে।

ইতিমধ্যে আৰক্ষীয়ে নিশ্চিত কৰিছে যে মহিলাগৰাকীক ২ জুলাইত হত্যা কৰা হৈছিল আৰু এদিন পিছত পথাৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল। আৰক্ষীয়ে মহিলাগৰাকী আৰু অভিযুক্ত শাৰিৰীক সম্পৰ্কত থকা বুলিও জানিবলৈ দিয়ে। এই গোচৰৰ আন চাৰি অভিযুক্ত দীপক, আৰিয়ান, সন্দীপ, আৰু ৰোহিতো বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু অধিক তদন্ত অব্যাহত আছে।

Exit mobile version