Site icon Guwahati Times

প্ৰধানমন্ত্ৰীৰ মনকি বাত শ্ৰৱণৰ বাবে বিজেপি’ৰ উদ্যোগত বুথ সমিতিক ৰেডিঅ’ বিতৰণ:

 

অহা ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ মনকি বাত’ কাৰ্য্যসূচীৰ এশ তম্‌ সংখ্যা শুনাৰ বাবে আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ বিজেপি’ৰ প্ৰতিটো বুথ সমিতিক ৰেডিঅ’ বিতৰণ কৰা হয় । বিজেপি’ৰ কোকৰাঝাৰ জিলা সংখ্যালঘু মৰ্চাৰ উদ্যোগত আয়োজিত কাৰ্য্যসূচীত অসম প্ৰদেশ সাংগঠনিক সাধাৰণ সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা মূখ্য অতিথি হিচাপে উপস্থিত থাকি বিজেপি’ৰ গুমা মণ্ডল আৰু চৰাইবিল মণ্ডলৰ বুথ সমিতি সমূহক ৰেডিঅ’ বিতৰণ কৰে । কোকৰাঝাৰ জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি জেঠমল মাল্লোৰ পৌৰহিত্যত আয়োজিত কাৰ্য্যসূচীত বিজেপি’ৰ অনুসুচীত জনজাতি মৰ্চাৰ অসম প্ৰদেশ সভাপতি শিৱনাথ ব্ৰক্ষ, বিটিচি’ৰ কাৰ্য্যবাহী সদস্য ৰেওৰেৱা নাৰ্জীহাৰী, প্ৰাক্তণ বিধায়ক তথা অসম প্লেন ট্ৰাইবচ্‌ কৰ্পৰেচনৰ উপসভাপতি বনেন মুছাহাৰী প্ৰমূখ্যে কোকৰাঝাৰ জিলা সভাপতি ৰাজ কুমাৰ ব্ৰক্ষ, জিলা প্ৰভাৰী বন্দিপ ডেকা উপস্থিত থাকে । সংবাদ মাধ্যমৰ আগত প্ৰদেশ সাংগঠনিক সাধাৰণ সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত বুথ সমুহত একত্ৰিত ভাৱে শুনাৰ বাবে ৰেডিঅ’ বিতৰণ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে ৷

Exit mobile version