Site icon Guwahati Times

প্ৰেয়সীক হত্যা কৰি প্ৰেচাৰ কুকাৰত সিজালে মৃতদেহৰ টুকুৰা! তাৰপিছত…

চাৰ্নি ৰোড হোষ্টেল হত্যাকাণ্ডৰ দুদিন পিছতে আন এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে মুম্বাই। মীৰা ৰোডত এগৰাকী ৩৬ বছৰীয়া মহিলাক তেওঁৰ লিভ-ইন পাৰ্টনাৰে হত্যা কৰি মৃতদেহটো ‘কেইবাটাও টুকুৰা’ কৰি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযুক্তৰ বাসগৃহত ১৩টা শৰীৰৰ অংগ উদ্ধাৰ হোৱাৰ বিপৰীতে তেওঁ শৰীৰৰ আন অংশ কেইবাটাও টুকুৰা কৰি পেলোৱাৰ পিছত নিস্কাষণ কৰি পেলায়। বৃহস্পতিবাৰে সূত্ৰই News18 ক জনোৱা মতে, অভিযুক্তই মৃতদেহৰ দুৰ্গন্ধ নাইকিয়া কৰিবলৈ মৃতদেহটো টুকুৰা-টুকুৰ কৰি কাটি প্ৰেচাৰ কুকাৰত সিজাই দিছিল। প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে প্ৰথমে কেৱল ভৰিখনহে উদ্ধাৰ কৰিছিল।

বুধবাৰে সন্ধিয়া ভাড়াঘৰৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে অভিযুক্ত মনোজ সাহানী (৫৬)ক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, যোৱা ৩ বছৰ ধৰি গীতা নগৰ ফেজ ৭ৰ গীতা আকাশ দীপ বিল্ডিঙৰ জে উইংৰ ৭০৪ নং ফ্লেটত সৰস্বতী বৈদ্য নামৰ যুৱতীগৰাকীৰ সৈতে আছিল সাহানী।

এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি NCPৰ নেত্ৰী সুপ্ৰিয়া ছুলে কয় যে, “লোকজনে মৃতদেহটো “কুকাৰত ৰান্ধি মিক্সাৰত পিহি” নিষ্কাশন কৰিবলৈ চেষ্টা কৰিছিল, যিটো “অতি নৃশংস, অমানৱীয় আৰু অতিশয় ক্ষোভজনক”। তেওঁ লগতে কয় যে, “মহাৰাষ্ট্ৰত অপৰাধীসকলৰ আইনৰ প্ৰতি এতিয়া ভয় নাই আৰু মহিলাৰ বিৰুদ্ধে অপৰাধ আতংকজনক হাৰত বৃদ্ধি পাইছে।”

Source: News18

Exit mobile version