পৰেশ বৰুৱাক আলোচনালৈ অনাৰ চেষ্টা এজন লোকসভাৰ সাংসদৰ, অতি গোপনে চলাইছে প্ৰচেষ্টা !

পৰেশ বৰুৱাৰ সৈতে যোগাযোগ কৰিছে এজন সাংসদে ৷ আলফা স্বাধীনৰ উপ সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আনিব বিচাৰিছে আলোচনালৈ ৷

এজন লোকসভাৰ সাংসদে অতি গোপনে চলাইছে এই প্ৰচেষ্টা ৷ আলফা স্বাধীনক আলোচনাৰ মেজলৈ আনিবলৈ গ্ৰহণ কৰা উদ্যোগত সাংসদজনে সহায় লৈছে বাংলাদেশ ফেৰৎ এজন আলফা নেতাৰ ৷

এইক্ষেত্ৰত ইতিমধ্যে বাংলাদেশ ফেৰৎ নেতাজনে পৰেশ বৰুৱাৰ সৈতে যোগাযোগ কৰিছে ৷ আমাৰ হাতত পৰা তথ্য মতে, সাংসদজনে পৰেশ বৰুৱাৰ পৰা আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিচাৰিছে অনুমতি ৷ বিচাৰিছে আলোচনাৰ মডেল ৷

কেনেদৰে আলোচনা আৰম্ভ কৰিব? আলোচনাৰ বিষয় কি কি হ’ব? এই বিষয়ত এক মডেল বিচাৰিছে লোকসভাৰ সাংসদজনে ৷ সাংসদজনে দিয়া প্ৰস্তাৱ ইতিমধ্যে বাংলাদেশ ফেৰৎ আলফা নেতাজনে জনাইছে পৰেশ বৰুৱাক ৷ অৱশ্যে এই বিষয়টোক পৰেশ বৰুৱাই কেনেদৰে গ্ৰহণ কৰিব, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ কিন্তু এটা কথা ঠিক যে, সাৰ্বভৌম স্বাধীন অসমৰ বিষয়টোক লৈ পৰেশ বৰুৱাই বিগত চাৰিটা দশকে আপোচ কৰা নাই ৷

বিগত বছৰতো NEDAৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা চলাইছিল যদিও বিষয়টো পৰবৰ্তী কালত স্থবিৰ হৈ পৰে ৷ পৰেশ বৰুৱাই আলফা স্বাধীনৰ আলোচনাৰ চিংগল পইণ্ট এজেণ্ডা হিচাপে সাৰ্বভৌম স্বাধীন অসম বুলি স্পষ্ট কৰি দিছিল ৷ ইয়াৰ পিছত শেহতীয়াকৈ লোকসভাৰ সাংসদজনে পৰেশ বৰুৱাক আলোচনাৰ মডেলিটি বিচাৰি যোগাযোগ স্থাপন কৰাৰ বিষয়টোয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

উল্লেখযোগ্য যে, পৰেশ বৰুৱাৰ সৈতে বাংলাদেশ ফেৰৎ আলফা নেতাজনৰ জৰিয়তে যোগাযোগ স্থাপন কৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ পৰা সেউজ সংকেত লৈছে লোকসভাৰ সাংসদজনে ৷ একেদৰে ৰাজ্য চৰকাৰৰ সৈতেও যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে ৷ পিছে  কেন্দ্ৰ-ৰাজ্যৰ সেউজ সংকেতৰ ভিত্তিত লোকসভাৰ সাংসদজনে পৰেশ বৰুৱাক দিয়া প্ৰস্তাৱৰ উত্তৰ আলফা স্বাধীনে কেনেদৰে দিব সেয়া সেয়া এতিয়াও অস্পষ্ট ৷

Source: News18Assam

You May Also Like

More From Author