Site icon Guwahati Times

বনকৰা মহিলাৰ গাত ৰঙা জলকীয়া সনা শুভলক্ষ্মী দত্তই পালে ৰঙাঘৰ

বনকৰা মহিলাক অমানুষিক অত্যাচাৰ চলাৰ পৰিণাম পালে আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই। অৱশেষত ৰঙাঘৰৰ আলহী হ’ল বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত।

তিনি দিনৰ আৰক্ষী জিম্মাত থকাৰ পিছত নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছিল শুভলক্ষ্মী দত্তক। নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতে
ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে শুভলক্ষ্মী দত্তক। আদালতৰ ৰায়দানৰ পিছতে আদালতৰ পৰা পোনে পোনে শিৱসাগৰ কাৰাগাৰলৈ অনা হয় দত্তক।

উল্লেখ্য যে বনকৰা মহিলাৰ এজাহাৰৰ ভিত্তিত নাজিৰা আৰক্ষী চকীৰ ৩৬/২৩ নং গোচৰ ৰুজু কৰা হৈছিল শুভলক্ষ্মীৰ বিৰুদ্ধে। ভাৰতীয় দণ্ডবিধি ৩২৪/৩৪২/৩০৭/৩২৬/৫০৬ ধাৰাৰ অধীনত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শুভলক্ষ্মী দত্তক। ইয়াৰ পূৰ্বে দত্তই জামিন আবেদন কৰিছিল যদিও সেয়া নাকচ হয় আৰু আদালতে ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ২২ ছেপ্টেম্বৰত পুনৰ আদালতত হাজিৰ কৰাব শুভলক্ষ্মী দত্তক।

Exit mobile version