Site icon Guwahati Times

ব’লবমলৈ গৈ চিয়াং নদীত সন্ধানহীন দুই কিশোৰ…

চিয়াং নদীত অঘটন। চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ।

উল্লেখ্য যে সোমবাৰে পুৱতি নিশা ব’লবম উপলক্ষে চিয়াং নদীত গা ধুবলৈ কানায়া চাহানী আৰু গলু চাহানী নামৰ দুই কিশোৰ। ইয়াৰ পাছতে দুয়ো সন্ধানহানী হৈ পৰে।

সন্ধানহীন দুয়ো কিশোৰৰ ঘৰ জোনাইৰ উদয়পুৰত। সন্ধানহীন কানায়া চাহানী পৱন চাহানীৰ পুত্ৰ আৰু গলু চাহানী ৰাজশ চাহানীৰ পুত্ৰ।

এই দুয়ো কিশোৰ জোনাইৰ পৰা পাচিঘাটলৈ বাব মন্দিৰ দৰ্শনৰ বাবে পিতৃ আৰু অন্যান্য লোকৰ সৈতে ব’লবম যাত্ৰা কৰিছিল। ইয়াৰ পাছত পুৱতি নিশা দুয়ো কিশোৰ আন আন লোকৰ সৈতে গা ধুবলৈ চিয়াং নদীত নামে। তাৰ পাছতে দুয়ো সন্ধানহীন হৈ পৰে।

Exit mobile version