Site icon Guwahati Times

বাংগালুৰুত ১২ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ ৰঙালী বিহু উদযাপন; কণ্ঠশিল্পী জুবিন গাৰ্গ-আচুৰ্য বৰপাত্ৰ-হৰ্পল শ‍ইকীয়াক আমন্ত্ৰণ

অহা ১২ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ বাংগালুৰুত ব’হাগ বিহু অনুষ্ঠানৰ আয়োজন কৰিছে আছাম ছ’চাইটি অৱ বাংগালুৰুৱে ১৯৮২ত স্থাপিত অৰাজনৈতিক তথা সামাজিক-সাংস্কৃতিক অনুষ্ঠান আছাম ছ’চাইটি অৱ বাংগালুৰুৱে এইবাৰ ২৪ সংখ্যক ব’হাগ বিহুৰ আয়োজন কৰিছে৷
এই বিহু অনুষ্ঠানলৈ উদ্যোক্তাই অনুষ্ঠান পৰিবেশনৰ বাবে জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, আচুৰ্য বৰপাত্ৰ আৰু হৰ্পল শইকীয়াক আমন্ত্ৰণ জনাইছে।


এই বিহু অনুষ্ঠানলৈ উদ্যোক্তাই অনুষ্ঠান পৰিবেশনৰ বাবে জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, আচুৰ্য বৰপাত্ৰ আৰু হৰ্পল শইকীয়াক আমন্ত্ৰণ জনাইছে।

এক বিবৃতিত এই কথা সদৰী কৰি আছাম ছ’চাইটি অৱ বাংগালুৰুৱে এক বিবৃতিত কয় যে এই দুদিনীয়া বিহু অনুষ্ঠান বাংগালুৰুৰ এইছএছআৰ লেআউটস্থিত ফ্ৰীডম ইণ্টাৰনেচনেল স্কুলৰ খেলপথাৰত উদযাপন কৰা হ’ব। অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তাই ।

উল্লেখ্য যে আছাম ছ’চাইটি অৱ বাংগালুৱে বাংগালুৰুত বাস কৰা অসমীয়া আৰু উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে।

জনকল্যাণমূলক কাৰ্যসূচীৰ অংশৰূপে অনুষ্ঠানটোৱে স্বাস্থ্য শিবিৰ, বান সাহায্য কৰ্মসূচী আৰু ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰি আহিছে।

একেদৰে যুৱ কল্যাণমূলক কাৰ্যসূচীৰূপে ক্ৰীড়া প্রতিযোগিতা, কেৰিয়াৰ কাউন্সেলিং,নৱাগত আদৰণি সভা,সহজাত দক্ষতা (soft skills)ৰ প্ৰশিক্ষণ আদিৰো আয়োজন কৰি আহিছে।

সাংস্কৃতিক ক্ষেত্ৰত অনুষ্ঠানটোৱে বসন্ত উৎসৱ, দুৰ্গা পূজা আদি আয়োজন কৰি আহিছে। তদুপৰি আছাম ছ’চাইটি অৱ বাংগালুৰুৱে অসমীয়া নাটক মঞ্চস্থ আৰু ফেশ্বন শ্ব’ও অনুষ্ঠিত কৰি আহিছে।

২০১৪ত প্রাগচিনে এৱাৰ্ড অনুষ্ঠানো এই সমাজে আয়োজন কৰে। এই সমাজৰ বহুপ্রত্যাশিত বার্ষিক অনুষ্ঠান হ’ল ৰঙালী বিহু উৎসৱ।

বিগত ২৩ বছৰ এই সমাজে উলহ-মালহৰে বাংগালুৰুত ৰঙালী বিহু উদযাপন কৰে। বিহু উপলক্ষে অসমীয়া পৰম্পৰাগত খাদ্যসম্ভাৰ পৰিৱেশন, গীত-নৃত্য আদি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Exit mobile version