গুৱাহাটী, ১ জুলাইঃ সোমাবাৰে গোলাঘাট জিলাৰ কংগ্ৰেছৰ জিলা কাৰ্যালয়ৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাহনত লক্ষ্য কৰি একাংশ উদণ্ড কংগ্ৰেছীয়ে বটল নিক্ষেপ কৰা কাৰ্যক ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশে ধিক্কাৰ দিয়ে। এনে কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী আৰু অসমৰ কংগ্ৰেছৰ এয়া মুক্ত গুণ্ডামি বুলি অভিহিত কৰে যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাসে । অসমৰ গণতান্ত্ৰিক ব্যৱস্থাৰ অপমানিত কৰা কংগ্ৰেছ দলৰ অহৰহ অপচেষ্টা। কংগ্ৰেছৰ এনে হিংসাত্মক মনোভাৱক অসমবাসীয়ে ইতিমধ্যেই ঘৃণা প্ৰকাশ কৰিছে। কংগ্ৰেছ দলৰ এই অগণতান্ত্ৰিক চৰিত্ৰৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাসৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা যুৱ মৰ্চাৰ মহানগৰ জিলাৰ উদ্যোগত আৰু যুৱ মৰ্চাৰ কৰ্মীৰ সহযোগত খ্ৰীষ্টানবস্তিস্থিত ভাৰতীয় জনতা পাৰ্টীৰ নৰকাসুৰ মণ্ডল কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে দিপ্লুৰঞ্জন শৰ্মা, ঋতুপৰ্ণ বৰুৱা,উপ সভানেত্ৰী ৰত্না সিং, ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, বিজেপিৰ সম্পাদক সিদ্ধাংকুৰ অংকুৰ বৰুৱাকে ধৰি বিজেপিৰ যুৱ মৰ্চাৰ সহস্ৰাধিক কৰ্মকৰ্তা ।
বিজেপিৰ যুৱ মৰ্চাৰ প্ৰতিবাদত উত্তাল গুৱাহাটী মহানগৰ”কংগ্ৰেছ সন্ত্ৰাসবাদী, গৌৰৱ গগৈ পাকিস্তানী” শ্লোগানেৰে প্ৰতিবাদ

