Site icon Guwahati Times

বিনামূলীয়া দিন শেষ! Google Pay–ৰ জৰিয়তে টকা পঠিয়ালে দিব লাগিব শুল্ক!

ডিজিটেল পেমেণ্ট প্লেটফ’ৰ্ম গুগল পে’ৰ জৰিয়তে টকা পঠিয়ালে দিব লাগিব নিৰ্দিষ্ট শুল্ক। এনে খবৰ চৰ্চাত এতিয়া। জানুৱাৰী, ২০২১ৰ পৰা গুগল পে’ পিয়াৰ টু পিয়াৰ পেমেণ্টৰ সুবিধা বন্ধ কৰিবলৈ লোৱা হৈছে। ইয়াৰ সলনি সংস্থাৰ ফালৰ পৰা এনে সুবিধা দিয়া হ’ব যে টকা পঠিয়ালে তৎক্ষণাত পোৱা যাব। ফলত টকা পঠিয়াবলৈ গ’লেই ধাৰ্য কৰা চাৰ্জ দিব লাগিব। তাৰ লগতে সংস্থাৰ ফালৰ পৰা এতিয়াও জনোৱা হোৱা নাই যে কিমান টকা দিব লাগিব।

গুগল পে–ই এতিয়া কেৱল ম’বাইল বা pay.google.comৰ পৰা টকা–পইচা পঠিওৱাৰ সুবিধা প্ৰদান কৰে। তথাপিও সংস্থাৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি জনোৱা হৈছে যে ৱেব এপটি বন্ধ হ’ব। ২০২১ৰ জানুৱাৰীৰ পৰা pay.google এপৰ জৰিয়তে টকা পঠিয়াব পৰা নাযায়। সংস্থাৰ ফালৰ পৰা জনোৱা হৈছে যে ইয়াৰ কাৰণে গুগল পে’ ব্যৱহাৰ কৰা হ’ব।

গুগল চাপ’ৰ্ট পেজৰ জৰিয়তে ঘোষণা কৰিছে যে ডেবিট কাৰ্ডৰ জৰিয়তে টকা পঠিয়াবলৈ গ’লে ১.৫শতাংশ বা ০.৩১ডলাৰ শুল্ক দিব লাগিব। Instant Money Transfer-ৰ ক্ষেত্রত শুল্ক যে দিব লাগিব তাৰেই সম্ভাৱনা।

Exit mobile version