Site icon Guwahati Times

বিশিষ্ট সাহিত্যিক-সাংবাদিক-অধিবক্তা ৰাধিকা মোহন গোস্বামীক মৰণোত্তৰভাবে “সাহিত্য জ্যোতি” উপাধি প্ৰদান

 

বিশিষ্ট সাহিত্যিক-সাংবাদিক- অধিবক্তা ৰাধিকা মোহন গোস্বামীক কালি মৰণোত্তৰ ভাবে প্ৰদান কৰা হয় ‘সাহিত্য জ্যোতি’ উপাধি । বিশিষ্ট সাহিত্যিক- সাংবাদিক গৰাকীৰ নগাঁৱৰ ফৌজদাৰীপট্টিস্থিত বাসগৃহত এই উপলক্ষে অনুষ্ঠিত এখনি সভাত গুৱাহাটীৰ অগ্ৰণী সামাজিক অনুষ্ঠান “অনুপ্ৰেৰণা”ই আনুষ্ঠানিক ভাৱে প্ৰদান কৰে এই সন্মান। “অনুপ্ৰেৰণা”ৰ সম্পাদক তথা “দেওবৰীয়া বার্তা” কাকতৰ সম্পাদক দীপজ্যোতি শইকীয়াই পৰিয়ালবৰ্গৰ হাতত প্ৰদান কৰে এই সন্মান । ‘অপৰাধী’,’চাকনৈয়া’, ‘দুষ্টা ভাৰ্যা’,’দেৱতাৰ সমাধি’,’কথা আৰু কাহিনী’,’অনন্ত পথৰ যাত্ৰী’, ‘বা-মাৰলী’,’A peep to Assam’ কে ধৰি কেইবাখনো গ্ৰন্থৰ স্ৰষ্টা ৰাধিকা মোহন গোস্বামীয়ে গুৱাহাটীৰ পৰা প্রকাশিত সাপ্তাহিক “আলোক” নামৰ কাকতখনিৰ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। এগৰাকী প্ৰখ্যাত অধিবক্তা হিচাপেও জনসমাদৃত ৰাধিকা মোহন গোস্বামীয়ে সৰ্বভাৰতীয় উকীল সন্থাৰ উপ-সভাপতি হিচাপেও দায়িত্বভাৰ বহন কৰিছিল । ১৯৯১ চনৰ ২০ মে’ত দেহাবসান ঘটা এইগৰাকী বৰেণ্য ব্যক্তিয়ে জীৱন কালত আনুষ্ঠানিকভাৱে বিশেষ সন্মান লাভ নকৰিলে যদিও মৰণোত্তৰ ভাবে হ’লেও এনে এক সন্মান প্ৰদান কৰাত অত্যন্ত সুখী পৰিয়ালবৰ্গ। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ জীয়াৰী তথা লেখিকা,সমাজসেৱী ৰেখা শৰ্মাই । সাহিত্যিকগৰাকীৰ বোৱাৰী তথা প্ৰাক্তন অধ্যাপিকা ডঃ অঞ্জনা গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া পুত্ৰ সৌৰেন্দ্ৰ মোহন গোস্বামীকে ধৰি কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন

Exit mobile version