Site icon Guwahati Times

বিশ্বকৰ্মা পূজাৰ আনন্দৰ মাজতে টিংখাঙত দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন…

সোমবাৰে ৰাজ্যজুৰি বিশ্বকৰ্মা পূজা আনন্দ উল্লাসৰ মাজেৰে আয়োজন চলাৰ পাছতে কেইবাটাও স্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তাৰ মাজতে টিংখাঙত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজনকৈ লোকৰ।

আনহাতে আহত হৈছে কেইবাজনো লোকৰ। উল্লেখ্য যে, ৰাজপথৰ মাজত এ এছ ০৬ এ জি ৩১৭৬ নম্বৰৰ ইক’ বাহনখন কেইবাবাৰো বাগৰি পৰে।

ফলত দুজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে বাহনখনত থকা আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

Exit mobile version