Site icon Guwahati Times

বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁইক উষ্ম অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

আইবা মহিলা বিশ্ব ব’ক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত দুৰন্ত প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰা লাভলীনা বৰগোহাঁইক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেখেতৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত উষ্ম অভিনন্দন জ্ঞাপন কৰে। লগতে সৰ্বানন্দ সোণোৱালে বিশ্ব চেম্পিয়নগৰাকীক ফুলাম গামোচা, প্ৰশস্তি পত্ৰ আৰু অন্যান্য উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

লাভলীনাৰ অভূতপূৰ্ব বিজয়ে সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীকো গৌৰৱান্বিত আৰু আনন্দিত কৰিছে বুলি সৰ্বানন্দ সোণোৱালে উল্লেখ কৰি আগন্তুক দিনবোৰৰ বাবে শুভকামনা জনায়।

Exit mobile version