বিহালী অভয়াৰণ্যত বন্দুকসহ এজন অৰুণাচলী চোৰাং চিকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হয় ডিকাল কেম্পৰ এটা তলহদাৰী দলে । বিহালী অভয়াৰণ্যত কালি বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ দিকাল বীটৰ ওচৰত বন বিভাগৰ লোকে টু নট টু বন্দুক আৰু ২ জাই গুলীসহ নাবাম নাগে নামৰ এগৰাকী চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে, বন বিভাগৰ নিয়মীয়া তালাচীৰ সময়ত চোৰাং চিকাৰীৰ সম্ভেদ পাই দলটোৱে কৌশলেৰে চিকাৰী জনক ৰবলৈ নিৰ্দেশ দিয়ে যদিও চিকাৰীজনে গুলী চলাবলৈ উদ্যত হয় আৰু পলাবলৈ চেষ্টা কৰে যদিও বন বিভাগে আটক কৰি বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে । চিকাৰী জনে এটা বন গাহৰী হত্যা কৰি কান্ধত লৈ আনিছিল । আজি মৃত বনগাহৰীটো বিহমাৰী পশু চিকিৎসালয়ৰ চিকিৎসকে মৰোণত্তৰ পৰীক্ষা কৰে । পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বিষয়াৰ উপস্থিতিত চোৰাং চিকাৰী গৰাকীক বিশ্বনাথ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰে ।

