বিহালীত সমষ্টিৰ অন্তৰ্গত বৰগাং আৰক্ষীয়ে পুনৰ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ কৰাৰ লগতে ২জন বাহন চালকক আটক কৰে । তথ্য মতে আজি পুৱা ৬ মান বজাত বিশেষ সুত্ৰৰ পম খেদি বৰগাং আৰক্ষীয়ে চেৰেলীয়া দলঙৰ সমীপত নাকাছেকিং লগাই আৰু ৩০ টা গৰু সহ UP 90 T 4474 বাহন খন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে । আটকাধীন লোকক দুখনৰ নাম মহৰম আলি আৰু জালহাছ আলি বুলি জানিব পৰা গৈছে তেওঁ লোকক ঘৰ নগাঁৱত বুলি জানিবলৈ দিয়ে। গৰু খিনি লক্ষীমপুৰ বঙালমৰাৰ পৰা ধুবুৰী লৈ গৈ আছিল বুলি স্বীকাৰ কৰে।
বিহালী বৰগাং আৰক্ষীয়ে অবৈধ ভাবে সৰবৰাহ গৰু ভৰ্তি বাহন সহ দুজনক আটক

