Site icon Guwahati Times

বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই :–নগাঁও জিলাৰ বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰ,বৰদোৱাৰ সহযোগত ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলৰ নৱপ্ৰজন্মৰ বাবে সত্ৰীয়া সংস্কৃতি চৰ্চাৰ বাবে বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰই যি পদক্ষেপ গ্ৰহণ কৰিছে,সচাঁকৈ আদৰণীয় বুলি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, শংকৰদেৱৰ শিশু নিকেতনৰ প্ৰধান আচাৰ্য সোণমণি কলিতা,মমী গোস্বামীয়ে ভাষণ প্ৰদান কৰাৰ লগতে আৰম্ভণিতে শিল্পী হীৰামণি বৰুৱাই বৰগীত পৰিৱেশন কৰে । বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত আয়োজিত অনুষ্ঠানটিত কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকলে পৰিৱেশন কৰা গুৰু বন্দনা,মাটি আখৰা,কৃষ্ণ বন্দনা,বালক কৃষ্ণ নৃত্য,গুৰু ভটিমা, ভোৰতাল নৃত্য,দশাৱতাৰ নৃত্য আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি উপস্থিত দৰ্শক সকল মন্ত্ৰমুগ্ধ হৈ পৰে। বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ সভাপতি জয়ন্ত মাধৱ বৰাই আঁত ধৰা অনুষ্ঠানত নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী,থানৰ বৰনামলগোৱা ডম্বৰুধৰ গায়ন,বটদ্ৰৱা মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্ত,বটদ্ৰৱা জাাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা,শিল্পী উপেন শইকীয়া,পুনাৰাম বৰা,মঞ্জু মণি বৰঠাকুৰৰ লগতে বৰদোৱা সত্ৰীয়া সংস্কৃতিক কেন্দ্ৰৰ প্ৰশিক্ষক তথা তত্বাৱধায়ক হিচাপে থকা প্ৰদীপ গোস্বামী,ৰণিতা বৰঠাকুৰ,ৰিংকী বৰকাকতি,সীমা মহন্ত,ৰীণা বৰুৱা, অৰ্চনা বৰুৱা,তুষ্টি বৰুৱা,কল্যাণী বৰুৱা,উষা বৰদলৈ,দীপশ্ৰী শইকীয়াৰ লগতে প্ৰশিক্ষাৰ্থী, অভিভাৱক-আভিভাৱিকা,অতিথি সহ শতাধিক লোক উপস্থিত থাকে । অনুষ্ঠানটিৰ শেষত প্ৰশিক্ষাৰ্থী সকলক প্ৰশংসা পত্ৰ,মূল্যায়ন পত্ৰ প্ৰদান কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version