বৰপেটা জিলাৰ চেঙাত আজি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুটা বাইকৰ মাজত মুখা-মুখি সংঘৰ্ষত ৪ গৰাকী যুৱক গুৰুতৰভাৱে আহত হয়।
আহত যুৱকসকল হৈছে –
১. চাজাহান আলি (১৬), পিতৃঃ আলম আলি – খংৰা গাঁও, তাৰাবাৰী থানাৰ অন্তৰ্গত
২. ৰঞ্জিত আলি (১৯), পিতৃঃ আব্দুল লতিফ – খংৰা গাঁও, তাৰাবাৰী থানাৰ অন্তৰ্গত
৩. আমিৰ হামজা (১৭), পিতৃঃ নয়াব খান – সৰ্থেবাৰী থানাৰ অন্তৰ্গত
৪. আৰব খান (১৫), পিতৃঃ পৰ্বত খান – সৰ্থেবাৰী থানাৰ অন্তৰ্গত
চাজাহান আৰু ৰঞ্জিত আলি বৰপেটাৰ পৰা নিজৰ ঘৰলৈ উভতি আহি আছিল বুলি জানিব পৰা গৈছে। ঠিক তেতিয়াই বিপৰীত দিশৰ পৰা অহা আন এখন বাইকৰ সৈতে সংঘৰ্ষ হয়।
দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত তাৰাবাৰী থানাৰ আৰক্ষী উপস্থিত হয়। স্থানীয় ৰাইজৰ সহায়ত আহতসকলক ততালিকে চেঙা আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয়।
বৰপেটা চেঙাৰ পৰা লাচিত বায়ন

