Site icon Guwahati Times

বৰ্ষাপাৰাত IPL ৰ মহাৰণ, উপভোগ কৰিব মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে..

বুধবাৰে মহানগৰীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত IPLৰ মেচত সমুখ সমৰত অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ বনাম পঞ্জাৱ কিংছ। উল্লেখযোগ্য যে, খেল সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু দৰ্শকৰ বাবে প্ৰৱেশ দ্বাৰ খুলিব বিয়লি ৪ বজাত।

খবৰ অনুসৰি, খেলৰ এঘন্টা পূৰ্বে জয় বৰুৱা, প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠান আৰু নৰ্থ ইষ্টৰ বিভিন্ন দলৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ’ব। খেলৰ মাজত দেখুওৱা হ’ব লেজাৰ শ্ব’। তদুপৰি, খেলৰ শেষত আতচবাজী প্ৰদৰ্শন হ’ব।
জানিব পৰা মতে, কাইলৈ এই উত্তেজনাপূৰ্ণ খেলখন অসমৰ ৰাজ্যপাল তথা মুখ্যমন্ত্ৰীয়েও উপভোগ কৰিব।

Exit mobile version