Site icon Guwahati Times

ভাগৱত পাঠ কৰি ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী বাহিনীৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকাই |

ভাগৱত পাঠ কৰি ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী বাহিনীৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকাই |
অসম আৰক্ষীৰ কৰ্ম্মচাৰী হৈ নিজৰ দায়িত্বৰ লগতে সাংস্কৃতিক দিশটো নিজকে আত্মাপ্ৰকাশ কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী থানাৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকাই ৷ জুৰীয়া থিয়টাঙনী গাওঁৰ নামঘৰত অনুষ্ঠিত হোৱা ভাগৱত পাঠ অনুষ্ঠানত নিজৰ শুৱলা কন্ঠৰে ভাগৱত পাঠ ও ভাঙনি কৰি গাওঁখনৰ ৰাইজৰ লগতে ওচৰৰ গাওঁ সমুহৰো আদৰৰ হৈ পৰিছে এইজন আৰক্ষী বিভাগৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকা ৷ নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ লগতে আজৰি সময়ত ভগৱানৰ নাম জপ কৰি সুখী হোৱা এইজন হাবিলদাৰ ডেকাই ৰাইজকো তেওঁ নিজৰ শুৱলা কন্ঠৰে সুখী কৰাৰ লগতে ভক্তি ৰসত বিলীন কৰি তুলিবলৈ সক্ষম হৈছে ৷

জুৰীয়াৰ পৰা পদুম ভূঞা ৷

Exit mobile version