Site icon Guwahati Times

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ৯৭ সংখ্যক ওপজা দিন

শুকুৰবাৰে ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপজা দিন। যিগৰাকী মহান শিল্পীক বাদ দি অসমীয়াৰ নক্সা কেতিয়াও তৈয়াৰ কৰিব নোৱাৰি সেইগৰাকী শিল্পীৰ আজি ৯৭ সংখ্যক ওপজা দিন।

যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰিব গুণমুগ্ধসকলে।

বিশ্ববিখ্যাত শিল্পীগৰাকীৰ ওপজা দিনটো উলহ-মালহেৰে পালন কৰিবলৈ ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বিগত বৰ্গৰ দৰে এইবাৰ উদযাপন কৰা হ’ব মহান শিল্পীগৰাকীৰ ওপজা দিনটো।

ওপজা দিনত ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰতিবছৰৰ দৰে এই বছৰো সদৌ অসম ছাত্ৰ সন্থাই উদ্দীপনা অনুষ্ঠানৰ আয়োজন কৰিছে। দীঘলীপুখুৰীৰ পাৰত থকা ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত সদৌ অসম ছাত্ৰ সন্থাই সদৌ কামৰূপ(ম) জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত এই উদ্দীপনা অনুষ্ঠানৰ আয়োজন কৰিছে।

সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ একোখন মহাবিদ্যালয়, বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ ন্যাসৰ সম্পাদক আৰু গুৱাহাটীৰ কেইখনমান মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে শ্ৰদ্ধাঞ্জলি গান গাই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব ৷

Exit mobile version