Site icon Guwahati Times

ভাৰত হিন্দু ৰাষ্ট্ৰই হয়, ঘোষণাহে বাকী: বাগেশ্বৰ বাবা

অসমত মধ্য প্ৰদেশৰ বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী । শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ মা কামাখ্যাৰ আশিস লয় শাস্ত্ৰীয়ে। বাগেশ্বৰ বাবাক কাষত পাই উৎফুল্লিত হৈ পৰে ভক্তসকল। বাগেশ্বৰ বাবা কি জয় ধ্বনিৰে আদৰণি বাবাগৰাকীক।

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সন্দৰ্ভত তেওঁ কয়, ‘‘আলোচনা কি কৰিম। মই মংগলাশিস আশীৰ্বাদ দিলো। সাধুৱে কি আলোচনা কৰিব, আমিটো ৰাজনেতা নহয়। সকলোৰে মংগল হোৱা, অসম প্ৰদেশৰ উত্থানৰ বাবে আশীৰ্বাদ দিলো। তেখেতে বাগেশ্বৰ বালাজীৰ চৰণত সমগ্ৰ অসমৰ উন্নতিৰ বাবে আৰ্জি আগবঢ়ালে। তেখেত অতি শীঘ্ৰে বাগেশ্বৰ ধাম আহিব। এইয়াই চৰ্চা হৈছিল।’’

ইফালে, হিন্দু ৰাষ্ট্ৰ সন্দৰ্ভত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে কয়, ‘‘ভাৰত হিন্দু ৰাষ্ট্ৰই হয়, ঘোষণাহে বাকী। আপোনালোকে যিদিনা বিচাৰিব সেইদিনাই হিন্দু ৰাষ্ট্ৰ হৈ যাব।’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘হিন্দু বাঘ’ আখ্যা ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ। সাংবাদিকে এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘এই সংক্ৰান্তত আপোনালোকৰ কিবা শংকা আছে নেকি? কিবা সন্দেহ আছে নেকি? যিয়েই সনাতনৰ কথা কয় তেওঁৱেই হিন্দু বাঘ। কাৰোবাৰ সন্দেহ থাকিলে প্ৰমাণপত্ৰ মোৰ পৰা লওক।’’

শীঘ্ৰে অসমলৈ আহি কথা আগবঢ়াব বুলিও মন্তব্য কৰে শাস্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমলৈ আহি এবাৰ কথা আগবঢ়োৱাৰ অনুৰোধ কৰিছে বুলি তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Exit mobile version