Site icon Guwahati Times

ভৱেশ কলিতা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চিণ্ডিকেটৰ সৈতে জড়িতঃ অখিল গগৈ

ইজনৰ পিছত সিজনকৈ বিজেপি নেতা-পালিনেতাৰ নাম সাঙোৰ খাই পৰিছে ভিন্ন কেলেংকাৰী আৰু দুৰ্নীতিত। আদৰ্শবান দল বুলি পৰিচিত বিজেপিত যেন এতিয়া দুৰ্নীতি-কেলেংকাৰীত জড়িতসকলৰ অঘোষিত প্রতিযোগিতা। আৰু শেহতীয়াকৈ চুপাৰি ছিণ্ডিকেটত নাম জড়িত হৈ পৰিছে খোদ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক বুলি পৰিচিত জিতু দাসৰ৷

ইয়াৰ লগে লগেই গেৰুৱা শিবিৰৰ ওপৰত সৰৱ বিধায়ক অখিল গগৈ ৷ বিজেপিৰ সদৰ কাৰ্যালয়ৰ পৰাই এতিয়া চিণ্ডিকেট পৰিচালনা কৰি থকা হৈছে৷ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে আঁত ধৰিছে চিণ্ডিকেটৰ বুলি মত ব্যক্ত গগৈৰ । বিজেপি চৰকাৰৰ দিনত চিণ্ডিকেট ব্যাপক ৰূপত চলি আছে ৷দুটা মান দিনৰ পূৰ্বে এটা ফোন কল পোহৰলৈ অহাৰ পাছত দিনৰ পোহৰৰ দৰেই মুকলি হৈ পৰিছে চিণ্ডিকেটৰ কথা ৷

ফোনকলত মুখ্যমন্ত্ৰীৰ পাছতে থকা এজন প্ৰভাৱশালী মন্ত্ৰী চিণ্ডিকেটৰ সৈতে জড়িত থকাৰ কথাও পোহৰলৈ আহিছে ৷ভৱেশ কলিতাৰ ব্যক্তিগত সচিব বুলি জিতু দাসে লগোৱা নেমপ্লেট আমি দেখা পাইছো বুলি মত প্ৰকাশ গগৈৰ ৷ চুপাৰি,বালি,কাঠ চিণ্ডিকেটৰ সৈতে পোনপটীয়াকৈ জড়িত জিতু দাস ৷ভৱেশ কলিতা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই চিণ্ডিকেটৰ সৈতে জড়িত ৷ইমানৰ পাছতো মুখ্যমন্ত্ৰীয় কৈয়ে আছে বিজেপি চৰকাৰৰ দিনত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল ৷লগতে গগৈৰ প্ৰশ্ন এতিয়ালৈকে মিলন বৰগোহাই,জিতু দাস গ্ৰেপ্তাৰ হোৱা নাই কিয়?

ভৱেশ কলিতাক গ্ৰেপ্তাৰ হোৱা নাই কিয়? চিণ্ডিকেটৰ সৈতে জড়িত হৈ পৰা মন্ত্ৰীজনক এতিয়ালৈকে প্ৰশ্ন সুধা নাই কিয়?অসমত ব্যাপক ৰূপে হোৱা চিণ্ডিকেটৰাজে ভাৰাক্ৰান্ত কৰি পেলাইছে সমাজ জীৱনক৷ যাৰ বাবে অত্যাধিক মূল্যবৃদ্ধি হৈছে সা-সামগ্ৰীৰ ৷

চিণ্ডিকেটৰ খলনায়কসকলক বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থাৱলী গ্ৰহণ কৰা নাই চৰকাৰে অতি সোনকালে জিতু দাস,মিলন বুঢ়াগোহাইক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ওপৰত CBI তদন্ত দি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে ৷প্ৰভাৱশালী মন্ত্ৰীজনক তদন্তৰ আওতালৈ আনিব লাগে বুলি মত প্ৰকাশ শিৱসাগৰৰ বিধায়কগৰাকীৰ ৷

Exit mobile version