Site icon Guwahati Times

‘মই ইচ্ছা কৰিলে ৩ দিনত কংগ্ৰেছ শূন্য কৰি দিব পাৰো’ – ক’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

‘মই ইচ্ছা কৰিলে ৩ দিনত কংগ্ৰেছ শূন্য কৰি দিব পাৰো’ – বৰপেটাৰোডত এই মন্তব্য কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সৰভোগৰ মইনবড়ী সত্ৰত উপস্থিত হৈ কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। যদি তেওঁক দায়িত্ব দিয়া হয় তেন্তে তিনিদিনতে কংগ্ৰেছ শূন্য কৰি দিব পাৰে বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

কংগ্ৰেছ দলৰ লগতে ৰকিবুল হুছেইনকো সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘ৰকিবুল হুছেইন পিছফালৰ পৰা চুৰি মৰাত ওস্তাদ। পিছফালে চুৰি মৰাত অভ্যস্ত ব্যক্তি ৰকিবুল হুছেইন। গৌৰৱ গগৈকো তেওঁ পিছফালে চুৰি মাৰিছে।

ইফালে, আজি অসম বিধানসভাৰ অন্তিম দিনা বিধায়ক মানৱ ডেকাই কংগ্ৰেছক সমালোচনা কৰি কয়, ‘‘ভাৰতীয় মূলৰ ৰাজনৈতিক দলত থকা খিলঞ্জীয়া যিকোনো ব্যক্তি আগন্তুক ভাৰতীয় জনতা পাৰ্টীৰ কাযকৰ্তা। কংগ্ৰেছ দল নাইকীয়া হৈ যাব। কেৱল মিয়াৰ দল হিচাপে থাকিব।’’

বিধায়ক দিগন্ত কলিতাই ক’লে – ‘‘এতিয়া কংগ্ৰেছ দল AIUDFৰ তলত আহি পৰিছে। ইয়াতকৈ ইতিহাসত লজ্জাজনক কথা হ’ব নোৱাৰে।’’

Exit mobile version