Site icon Guwahati Times

মই কোনো SPক চিনি নাপাও! কাৰোবাক মোৰ ল’ৰা-ছোৱালী বিয়া দিলেহে চিনি পাম!

আনন্দ মিশ্ৰক চিনি নোপোৱাৰ প্ৰসংগক লৈ পুনৰ এবাৰ নিজৰ স্থিতিতে অটল থাকি বক্তব্য ৰাখিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনন্দ মিশ্ৰক পুনৰ চিনি নাপাও বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- মই সচাঁকৈয়ে কোনো এছ পিক চিনি নাপাও। অসমত ইমান এছ পি আছে মই কেনেকে চিনি পাম বাৰু।”

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, – মই কেনেকে চিনি পাম। আপুনি যদি কাৰোবাৰ অনুৰাগী তেন্তে চিনি পায়,কিন্তু মই নাপাও আৰু চিনি পোৱাতো উচিতো নহয়। কাৰোবাক যদি মোৰ লৰা-ছোৱালীক বিয়া দিব লাগে নাম জানিম আৰু। বাকী মই কিয় চিনি পাব লাগে নাম। দৰমহা কৰিব, চাকৰি কৰিব, ওলাই যাব। তাত মই আকৌ কিয় নাম জানিব লাগে। মই এছ পিৰ যদি মই নাম জানিব আৰম্ভ কৰো, ৩৬জন এছ পি আছে অসমত। আৰু ৩৬জন এছ পিৰেই টো অনুৰাগী থাকিব। আৰু এছ পি, টেছ পিৰ কোনো অনুৰাগী থাকিব নালাগে। তেওঁলোকেতো ইলেকশ্যন নেখেলে। এই অনুৰাগী থকা এছ পি আমাৰ চিষ্টেমৰ বাবে ভালেই নহয়।”
উল্লেখ কৰা প্ৰয়োজন যে, পুৱাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে আনন্দ মিশ্ৰক চিনি নাপাও বুলি কোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু এই বিষয়ত পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Exit mobile version