Site icon Guwahati Times

‘মন কি বাত’ নহয়, ‘মণিপুৰ কি বাত’ কওক মোডীয়েঃ প্ৰধানমন্ত্ৰীলৈ ৰাজধৰ্ম পালনৰো আহ্বান

অসমলৈ আহি ‘A’ ফৰ ‘আছাম’ বুলি কোৱো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে ‘M’ ফৰ ‘মণিপুৰ’। উত্তৰ পূৰ্বাঞ্চলক প্ৰধামন্ত্ৰী মোডীয়ে অধিক গুৰুত্ব প্ৰদান কৰি এই অঞ্চলটোৰ শান্তি প্ৰতিষ্ঠা আৰু উন্নয়নৰ বাবে তেওঁ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলতকৈ আগ্ৰহী বুলি বিজেপিয়ে যিমানেই প্ৰচাৰ নকৰক কিয় প্ৰধানমন্ত্ৰী মোডীৰ বাবে সেয়া যে, এক আত্ম প্ৰচাৰৰ হে বিষয় সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে বুলি মানুহে ক’বলৈ আৰম্ভ কৰিছে।

৩ মে’ৰ পৰা জ্বলি জ্বলি শেষ হ’বলৈ ধৰা মণিপুৰক লৈ এতিয়াও নীৰৱ প্ৰধানমন্ত্ৰী। ৩ দিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ আহি পৰিস্থিতি উন্নত কৰাৰ চেষ্টা গৃহমন্ত্ৰী অমিত শ্বাহে চলাইছিল যদিও সেয়া বিফল হৈছে।

এতিয়া মণিপুৰত ৰাজ্য অথবা কেন্দ্ৰ কাৰো নিয়ন্ত্ৰণ নাই। এনে পৰিস্থিতিৰ মাজতে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ ‘মন কি বাত’ অনুষ্ঠান পৰিৱেশন কৰে। এই ‘মন কি বাত’ অনুষ্ঠানটো মোডীৰ মুখত শুনা নগ’ল মণিপুৰৰ প্ৰসংগ।

আনকি তেওঁ হিংসা পৰিহাৰ কৰি শান্তি প্ৰতিষ্ঠাৰ বাবেও নজনালে আহ্বান। এনে পৰিস্থিতিত এতিয়া প্ৰধানমন্ত্ৰী মোডী পুনৰ সমালোচিত হৈছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে মোডীক উদ্দেশ্য কৰি টুইট কৰি কয়, কেন্দ্ৰৰ অৱহেলাৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত আজি এই পৰিস্থিতি সৃষ্টি হৈছে। মণিপুৰৰ শান্তি ঘূৰাই অনাৰ বাবে সৰ্বদলীয়া প্ৰতিনিধিক সেই ৰাজ্যলৈ যোৱাৰ অনুমতি দিয়ক কেন্দ্ৰই।

মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, আপোনাৰ ‘মন কি বাত’ত প্ৰথমেই ‘মণিপুৰ কি বাত’ অন্তৰ্ভুক্ত কৰা উচিত আছিল। সীমান্তৰ এই ৰাজ্যখনৰ পৰিস্থিতি অনিশ্চিত আৰু গভীৰ উদ্বেগজনক।

তেওঁ মোডীক কটাক্ষ কৰি কয়, এই বিষয়ত আপুনি নীৰৱ। এখন বৈঠকতো অংশগ্ৰহণ কৰা নাই। লগতে তেওঁ কয়, মোডীৰ চৰকাৰে মণিপুৰক ভাৰতৰ অংশ বুলিবলৈ মন নকৰে।

খাৰ্গেৰ দবী, মণিপুৰ যেতিয়া জ্বলিছে চৰকাৰ তেতিয়া শুইছে। তেওঁ মোডীক ৰাজধৰ্ম পালন কৰিবলৈও আহ্বান জনাইছে। যিসকলে অশান্তি বিয়পাইছে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ নাগৰিকৰ আস্থা আদায় কৰিবলৈও দাবী জনাইছে।

ইফালে দেওবাৰৰ দিনটোতে মন কি বাত অনুষ্ঠান চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী মোডীৰ মৌনতাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি মণিপুৰৰ শতাধিক লোকে ‘মন কী বাত’ বৰ্জন কৰি তাৰ পৰিৱৰ্তে ‘মণিপুৰ কি বাত’ দাবী কৰে। দেওবাৰে ছিংজামেই বজাৰৰ শতাধিক মহিলা বিক্ৰেতাই চিংজামেই অঞ্চলৰ স্থানীয় লোকৰ লগতে “মন কি বাত” কাৰ্যসূচী বৰ্জনৰ আহ্বান জনাই ইম্ফল পশ্চিম জিলাৰ ভাৰত-বাৰ্মা পথত প্ৰতিবাদ সাব্যস্ত কৰে।

বিক্ষোভৰ সময়ত প্ৰতিবাদকাৰীসকলে এটা ৰেডিঅ’ চেট ধ্বংস কৰি “মন কি বাত” অনুষ্ঠান শুনাৰ প্ৰতি অনাগ্ৰহ প্ৰকাশ কৰি শ্লোগানেৰে উত্তাল কৰি তোলে। ৰাতিপুৱা ১১ বজাত যেতিয়া মন কি বাতৰ অনুষ্ঠান ৰেডিঅ’ আৰু দূৰদৰ্শনত সম্প্ৰচাৰিত হৈছিল তেতিয়া মানুহে ৰাজপথলৈ ওলাই আহি মণিপুৰৰ অশান্তিৰ বাবে প্ৰধানমন্ত্ৰীৰ মৌনতাক গৰিহণা দি ৰেডিঅ’বোৰ পেলাই ভাঙি পেলায়। প্ৰতিবাদকাৰীয়ে প্ৰায় ৩০ মিনিট ধৰি ভাৰত-ম্যানমাৰ সীমান্ত অৱৰোধ কৰি কাৰ্যসূচীৰে উত্তাল কৰি তোলে ।

Exit mobile version