Site icon Guwahati Times

‘মন কী বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিলে অসমৰ আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ খেলুৱৈ অন্যতম ৰাজকুমাৰক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ১০১ তম ‘মন কী বাত’ত অসমৰ আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ খেলুৱৈ অন্যতম ৰাজকুমাৰক প্ৰশংসা কৰে। সাঁতোৰ আৰু ৰোৱিঙৰ সফল আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ খেলুৱৈ অন্যতম ৰাজকুমাৰে দিব্যাংগ হ’লেও সদ্য সমাপ্ত উত্তৰ প্ৰদেশৰ আন্ত বিশ্ববিদ্যালয়ৰ খেলো ইন্ডিয়াৰ খেলৰ ৰোৱিঙত সফলতাৰে অংশ লৈছিল।

 

আন্ত: বিশ্ববিদ্যালয় খেলো ইন্ডিয়াত কটন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি সফলতাৰে অংশ লোৱাৰ বাবেই দেওবাৰে মন কি বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাম লৈছিল অন্যতম ৰাজকুমাৰৰ। ইয়াৰ পূৰ্বে অন্যতমে সাঁতোৰ ইভেন্টত অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈ সফলতা অৰ্জন কৰিছিল। অন্যতমৰ সফলতাৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জনাই অসম সাতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ দাসে।

 

Exit mobile version