Site icon Guwahati Times

মহাদেৱৰ আশিস লাভ কৰিবলৈ মহা শিৱৰাত্ৰিৰ দিনা কি কি কৰিব?

মহাদেৱক আৰাধনা কৰিলে দূৰ হয় বাধা–বিঘিনি। প্ৰতিজন দেৱতাৰ দৰে মহাদেৱৰ পূজাৰো কেতবোৰ বিশেষ ৰীতি আছে। ইয়াৰ খেলিমেলি হ’লে ৰুষ্ট হ’ব পাৰে মহাদেৱ। সন্মুখত মহা শিৱৰাত্ৰি। এই দিনটোত ভক্তসকলে শিৱৰ আৰাধনাত মগ্ন হয়। তেওঁৰ পূজাৰ বিধি নাজানিলে আৰাধনা হ’ব মূল্যহীন। মহাদেৱক তুষ্ট কৰিবলৈ তথা মহাদেৱৰ আশিস লাভ কৰিবলৈ মহা শিৱৰাত্ৰিৰ সময়ত আপুনিও কৰিব পাৰে এইকেইটা কাম।

১. মহা শিৱৰাত্ৰিত ব্ৰত বা উপবাসে থাকিব।
২. পুৱাই উঠি স্নান কৰি শুদ্ধ বগা কাপোৰ পৰিধান কৰিব।
৩. মন্দিৰলৈ গৈ ভগৱান শিৱক পানী আৰু গাখীৰ অৰ্পন কৰিব।
৪. মহা শিৱৰাত্ৰিত ‘ঔম নম: শিৱায়’ জপ কৰিব।
৫. এই দিনটোত ব্ৰত ৰাখিলে কোনো ফলৰ ৰস পান কৰিব নালাগে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Exit mobile version