Site icon Guwahati Times

মহাদেৱৰ আশীষ বিছাৰে যদি আজিয়ে জানি লওক…

হিন্দু ধৰ্মত শাওণ মাহৰ অধিক মহত্ব আছে। এই শাওণ মাহক বহুতো প্ৰৱিত্ৰ মনা হয়। কাৰণ, এই শাওণ মাহ ভগৱান শিৱৰ ওপৰত সমৰ্পিত। ( Religious Studies )
মনা হয় যে, দেৱী পাৰ্ৱতীয়ে মহাদেৱক স্বামী ৰূপে পাবলৈ, এই শাওণ মাহতে কঠুৰ তপস্যা কৰিছিল আৰু মহাদেৱক প্ৰসন্ন কৰি তেওঁক স্বামী ৰূপে পাইছিল। শাওণ মাহৰ শিৱ পূজা অধিক ফলদায়ক হয়। এই শাওণ মাহত ব্যক্তিয়ে যি কামনা কৰি মহাদেৱৰ পূজা কৰে, সেই ব্যক্তিজনৰ সেই কামনা পূৰ্ণ হয়।

আৰু এই শাওণ মাহৰ সোমবাৰ কেইটাৰো বিশেষ মহত্ব আছে। এই শাওণ মাহত সোমবাৰে ব্ৰত কৰিলে মনোবাঞ্চিত ফল প্ৰাপ্ত হয়। লগতে জীৱনত সুখ সমৃদ্ধি লাভ হয়।গতিকে এই প্ৰৱিত্ৰ মাহটিত এনে কিছু কাম আছে, যাক কৰাটো একেবাৰে উচিত নহয়।

১/ শাওণ মাহত কৰিবলগীয়া প্ৰথম কামটি হৈছে, সাধাৰণ আৰু শান্তিত জীৱন জাপন। সেইবাবে এই শাওণ মাহত মাছ, মাংস, মদ্ৰ্য পান, আদি কৰাৰপৰা দূৰত থকা মংগল। শাওণ মাহত নিৰামিষ ভোজন কৰাটো অতি মংগলজনক হয়।

২/শাওণ মাহত, নিজৰ ভুল আৰু বেয়া অভ্যাসৰপৰা পৰিত্ৰাণ পাবৰ বাবে, ভগৱান শিৱৰ আৰাধনা কৰিব লাগে। আৰু ভুলটো শাওণ মাহত সাপ বা সৰ্পক নিধন নকৰিব। ইয়াৰপৰা হব পাৰে অমংগল।

৩/শাস্ত্ৰ অনুসাৰে শাওণ মাহত, বেঙেনা ভক্ষণ কৰাটো উচিত নহয়। ইয়াক অশুভ মনা হয়। ( Religious Studies )

৪/শাওণ মাহত যদি ঘৰলৈ গৰুৰ আগমন ঘটে, তেন্তে মাৰ ধৰ কৰি খেদি নপথিয়াব। পাৰিলে কিবা খাবলৈ দিব। কাৰণ এয়া মনা হয় যে, শাওণ মাহত যদি গৰুক মাৰ ধৰা কৰা হয়, তেন্তে নন্দীক অপমান কৰা বুজাই।

৫/এই প্ৰবিত্ৰ মাহত মনলৈ কোনো বেয়া চিন্তা, অসৎ চিন্তা, আদি অনা উচিত নহয়। চেষ্টা কৰিব এই শাওণ মাহত ভগৱান শিৱক স্মৰণ কৰি, তেওঁক ভক্তি ভাৱে পূজিবলৈ।

৬/শাওণ মাহৰ প্ৰত্যেক সোমবাৰে ব্ৰত পালন কৰিব পাৰিলে, মংগল।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Exit mobile version