Site icon Guwahati Times

মহানগৰীত এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ, আৰক্ষীৰ জালত বলাৎকাৰী

মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। অভিযুক্ত লোকজন গীতানগৰ থানা এলেকাৰ ভাস্কৰ নগৰৰ বি পি চলিহা নগৰৰ বাবুল শৰ্মা।

ভুক্তভোগী কিশোৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত অৱগত কৰে নিজ মাতৃক। তাৰ পিছতে কিশোৰীগৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত গীতানগৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩১৬/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে অভিযু্ত বাবুল শৰ্মাক।

Exit mobile version