Site icon Guwahati Times

মহানগৰীৰ বেলতলা বজাৰত আৰক্ষীৰ অভিযানঅভিযানত আটক গুণ্ডা টেক্স সংগ্ৰহ কৰা ৫ যুৱকক

অৱশেষত যেন গা লৰিল দিছপুৰ আৰক্ষীৰ ৷মহানগৰীৰ মাজমজিয়াৰ বেলতলা বজাৰত দীৰ্ঘদিন ধৰি ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ নামত ভয়- ভাবুকি দি অহা পাঁচজনীয়া যুৱকৰ দল এটিক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
সপ্তাহত বৃহস্পতিবাৰ আৰু দেওবাৰে বহা বেলতলা বজাৰত বিভিন্ন থলুৱা শাক-পাচলি আৰু ভিন্ন সামগ্ৰী লৈ বজাৰলৈ আহে একাংশ জনজাতি মহিলা ৷ একেদৰে মহানগৰীৰ পাশ্বৱৰ্তী অঞ্চলৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ী সকল ।
কিন্ত বজাৰত সামগ্ৰী লৈ বহাৰ পিছতে আগমন ঘটে গুণ্ডাৰ ৷ তেওঁলোকক লাগে গুণ্ডাটেক্স৷ বেলতলা বজাৰত সংগ্ৰহ কৰা গুণ্ডাটেক্সক লৈ অতিষ্ঠ ক্ষুদ্ৰ শাক-পাচলি ব্যৱসায়ী সকল ৷ আনকি গুণ্ডাটেক্স নিদিলে শাক-পাচলি নলাত দলিয়াই পেলোৱাৰ ভাবুকি পৰ্যন্ত দিয়ে ৷

বৃহস্পতিবাৰে বজাৰত গুণ্ডা টেক্স সংগ্ৰহ কৰিবলৈ যোৱা পাঁচ যুৱকক দিছপুৰ আৰক্ষীয়ে হাতেলোতে আটক কৰে ৷ ধৃত যুৱক কেইজনৰ পৰা লক্ষাধিক টকা,ম’বাইল আৰু টেক্স সংগ্ৰহৰ অবৈধ ৰছিদ জব্দ কৰা হয় ৷ আটকাধীন যুৱক কেইজন হ’ল তপন দাস নয়ন দাস, আনিছ মেচ,চন্দন বর্মন আৰু ধীৰাজ দাস ৷

Exit mobile version