মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 49 সংখ্যাক জনপ্ৰিয় অনুষ্ঠান “মন কী বাত”

1 min read

মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 49 সংখ্যাক জনপ্ৰিয় অনুষ্ঠান “মন কী বাত” ৰ জৰিয়তে দেশবাসীক উদ্দেশ্যে কয়,
৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে প্ৰতিবছৰৰ দৰে পালন কৰা হ’ব ‘Run for Unity’। সকলোকে এই একতাৰ দৌৰত অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী গৰাকীয়ে বল্লভ ভাইৰ সপোনৰ দেশখনৰ কথা কয়।দেশ স্বাধীন প্ৰায় চাৰে ছয় মাহ আগতে বিশ্বৰ জনপ্ৰিয় আলোচনী Time ত বল্লভ ভাই পেটেলৰ ফটো Cover Page হিচাপে প্ৰকাশ পাইছিল।আৰু তেওঁৰ বিষয়ে লিখা কথাবোৰো মন কী বাত ৰ জৰিয়তে কয়। উক্ত দিনাই চৰ্দাৰ বল্লভ ভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জনাই Statue of Unity ৰাষ্ট্ৰক সমৰ্পণ কৰা হ’ব বুলিও মন্তব্য মোদীৰ। গুজৰাটত নৰ্মদা নদীৰ ওপৰত স্থাপিত এই Statue of Unityৰ উচ্চতা আমেৰিকাৰ Statue of Libertyতকৈ দুগুণ। প্ৰতিজন ভাৰতীয়ই বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তিক লৈ গৌৰৱ কৰিব বুলিও মন্তব্য প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে পৰ্য্যটকৰ থলী হিচাপে পৰিগণিত হৱ বুলি কয়।‍

‘মন কী বাত’ত দেশৰ খেলুৱৈসকলক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। এছিয়া গেমছত 72 টা পদক লাভ কৰি নতুন ৰেকৰ্ড প্ৰকাশ কৰে।কথাৰ মাজতে তেওঁ খেলুৱৈ সকলকো প্ৰশংসা কৰিব নাপাহৰিলে। মণিপুৰৰ তবাহী দেৱীয়ে ভাৰতীয় খেল জগতত এক নতুন অধ্যয়নৰ সূচনা কৰা বুলি কয়।ভাৰতীয় হকী দলক প্ৰশংসা কৰি মোদীয়ে এই বৰ্ষত ভুবনেশ্বৰত পুৰুষ হকী বিশ্বকাপৰ আয়োজনৰ কথাও উল্লেখ কৰে। হকীত ভাৰতৰ এক স্বৰ্ণিল ইতিহাস আছে। মেজৰ ধ্যানচান্দৰ পৰা ধনৰাজ পিল্লাইলৈ ভাৰতীয় হকীয়ে এক বৰ্ণিল পথ অতিক্ৰম কৰিছে।

আজি সমগ্ৰ বিশ্বতে পৰিৱেশ সংৰক্ষণৰ ওপৰত চৰ্চা হৈছে আৰু সন্তুলিত জীৱনশৈলীৰ বাবে নতুন পথ বিচাৰি আছে।মণিপুৰ, নাগালেণ্ড , মহাৰাষ্ট্ৰৰ কিছু অংশত বাঘ পোহাৰ কথাও প্ৰকাশ কৰে। প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰাটো আমাৰ আদিবাসী সম্প্ৰদায়ৰ সংস্কৃতিৰ অন্তৰ্ভুক্ত। আদিবাসী ভাই-ভনীসকলে দেৱ-দেৱীৰ দৰেই গছ আৰু ফুলক পূজা কৰে। ‘মন কী বাত’ অনুষ্ঠানত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিৰছা মুণ্ডাই বন্যভূমি ৰক্ষাৰ বাবে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংঘৰ্ষ কৰিছিল। আদিবাসী সম্প্ৰদায়ৰ এনে বহু উদাহৰণ আছে যিয়ে আমাক প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি থাকিবলৈ শিকায়।
‘মন কী বাত’ অনুষ্ঠানত উত্তৰ-পূবক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ। মোদীয়ে কয় – উত্তৰ-পূবৰ কথাই সুকীয়া। পূৰ্বোত্তৰৰ প্ৰাকৃতিক সৌন্দৰ্য অনুপম আৰু লোকসকল অত্যন্ত প্ৰতিভাশালী। সৰ্বোত্তম কামৰ বাবে এতিয়া উত্তৰ-পূব জনাজাত।

You May Also Like

More From Author