Site icon Guwahati Times

মাষ্টাৰচেফ ইণ্ডিয়া-৭ত জিলিকিল অসম সন্তান নয়নজ্যোতি শ‍ইকীয়া

অসমীয়া খাদ্য দেশৰ শ্ৰেষ্ঠ। ঔ টেঙা, হাঁহ কোমোৰাৰ আঞ্জা যিয়ে খাই সিয়ে কয় এয়া সৰ্বোত্তম। পইতা ভাত খোৱাৰ সুৱাদেই সুকীয়া। কঠাল গুটি পিটিকা, বিলাহী পিটিকা, হাঁহ কোমোৰা আদি আজি প্ৰতিষ্ঠিত হ’ল ৰাষ্ট্ৰীয় পৰ্যায়ত। টকালি পাৰি খাই বিচাৰকে ক’লে এনে সুস্বাদু খাদ্য জীৱনত খোৱা নাই। কেৱল আজি চলিল অসমীয়া খাদ্যৰ চৰ্চা। কোনে কয় খাৰখোৱা অসমীয়া ?

ভাৰতীয় ৰন্ধন কলাৰ ৰিয়েলিটি শ্ব’ হ’ল “মাষ্টাৰ চেইফ ইণ্ডিয়া”। ২০১০ চনৰ পৰাই চনি টিভি ইণ্ডিয়াই আয়োজন কৰা “মাষ্টাৰ চেইফ ইণ্ডিয়া” শ্ব’টোৱে ২০২৩ বৰ্ষত “চিজন-৭”ৰ আয়োজন কৰে। শ্ব’টোৰ ২০২৩ বৰ্ষৰ “চিজন-৭”ত আছিল অসমৰ দুগৰাকীকৈ প্ৰতিযোগী। প্ৰতিযোগীদ্বয় ক্ৰমে তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়া আৰু নগাঁৱৰ শান্তা শৰ্মা।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দুয়োগৰাকী অসমৰ প্ৰতিযোগীয়ে পৰ্যায়ক্ৰমে আগবাঢ়ি “টপ-৩” অৰ্থাৎ ফাইনেলত প্ৰৱেশ কৰিছিল। অসমৰ দুয়োগৰাকী প্ৰতিযোগীসহ মুম্বাইৰ সুবৰ্ণা গিল আছিল এই “টপ-৩”ৰ তালিকাত। শুকুৰবাৰে নিশা সম্প্ৰচাৰিত হোৱা এই অনুষ্ঠানটিৰ ফলাফল ঘোষণা কৰা হয়।

ঘোষণা কৰা ফলাফলত অসমৰ প্ৰতিযোগী নয়মজ্যোতি শইকীয়াই “মাষ্টাৰ চেইফ ইণ্ডিয়া”ৰ বিজয়ী খিতাপ দখল কৰিছে। নয়নজ্যোতিয়ে পৰিৱেশন কৰা অসমীয়া খাদ্য খাই বিচাৰকে প্ৰশংসাত পঞ্চমুখ হৈ পৰিল। আনহাতে অনুষ্ঠানটিৰ বিজিত খিতাপ দখল কৰিলে শান্তা শৰ্মাই। অনুষ্ঠানটিত বিচাৰকে মন্তব্য কৰে যে, সমগ্ৰ ভাৰতে অংশগ্ৰহণ কৰা শ্ব’টোৰ অন্তত মাত্ৰ অসম ৰৈ যোৱাটো আশ্বৰ্যৰ কথা। এই খবৰত স্বাভাৱিকতেই এতিয়া গৌৰাম্বিত হৈছে অসমবাসী।

Exit mobile version