Site icon Guwahati Times

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ চৰকাৰ, নগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ শ্মশান যাত্ৰা কাৰ্যসূচী

নিউজ ব্যুৰ’,নগাঁও,৬জুলাই:–বিগত সময়ত ৰন্ধন গেছ,পেট্ৰল-ডিজেল, বিদ্যুৎ মাচুল,জীৱনদায়িনী ঔষধ আদিৰ লগতে দৈনন্দিন জীৱনত ব্যৱহাৰ্য্য অত্যাৱশ্যকীয় প্ৰায় সকলোবোৰ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । সেই সংক্ৰান্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁ‌ও জিলা সমিতিয়ে বৃহস্পতিবাৰে নতুন বজাৰত শ্মশান যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ এবাৰ মূল্যবৃদ্ধি হোৱাৰ পিছত সেই মূল্য কেতিয়াও হ্ৰাস হোৱা পৰিলক্ষিত নহয়। অতি পৰিতাপৰ বিষয় যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়ত ৰাজ্য চৰকাৰৰ যোগান বিভাগ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে । ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ চৰম ব্যৰ্থতাক গৰিহণা জনাই আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ সকলো জিলাতে যোগান বিভাগৰ শ্মশান যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । উক্ত কাৰ্য্যসূচীৰ অংশ হিচাপে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁ‌ও জিলা সমিতিয়েও এই কাৰ্যসূচী ৰূপায়ণ কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰে । অসমৰ সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ মুৰব্বী হিচাপে সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰি অনতিবিলম্বে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় । শ্মশান যাত্ৰা কাৰ্য্যসূচীত চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে ৷কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপমণি বড়া,কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দিগন্ত দাসৰ লগতে জিলা আঞ্চলিকৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version