Site icon Guwahati Times

মেজি জ্বলাই আজি অসমীয়াই আদৰিলে হেপাঁহৰ ভোগালীক, অগ্নি দেৱতাক সেৱা জনালে অসমবাসীয়ে

আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা জাৰত আজি পুৱাই মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনালে প্ৰতিজন অসমীয়াই। অসমীয়া ৰাইজে মাঘ বিহুৰ দিনা কাহিলীপুৱাতেই মেজিত অগ্নিসংযাগ কৰে ৷ চাউল, তামোল-পাণ, মাহজাতীয় শস্য, ঘিউ আৰু পিঠাৰ নৈবদ্য দি সূৰ্য-দেৱতাক সেৱা জনোৱা হয়। মেজিৰ জুইয়ে সকলো অসূয়া-অশান্তি দহি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰে প্ৰতিজন অসমীয়াই। লগতে মেজিৰ জুইত সকলো অপায়-অমংগল, দুখ-দুৰ্দশা নাশ কৰাৰ বাবে জনসাধাৰণে প্ৰাৰ্থনা কৰিলে। একেদৰে মেজি জ্বলোৱাৰ পাছতে সৰুৱে ডাঙৰক সেৱা জনাই আৰ্শীবাদ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে বিহু উপলক্ষে জা-জলপান, পিঠা-পনা, ভিন ভিন প্ৰকাৰৰ লাড়ু, মাহ কঢ়াই আদিৰে ভোগালীৰ ভোগ গ্ৰহণৰ পৰম্পৰাও পালন কৰা পৰিলক্ষিত হয়।

অসমৰ অৰ্থনীতি এতিয়াও প্ৰাথমিকভাৱে কৃষিভিত্তিক। কৃষিভিত্তিক এই উৎসৱ বিহু পালনৰ বাবে ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীৰো গাৱে ভূঞে মেজি জ্বলাই পালন কৰা হ’ল ভোগালী বিহু। বিভিন্ন প্ৰান্তত সমূহীয়াকৈ মেজি জ্বলাই পালন কৰা হ’ল মাঘ বিহু।
উল্লেখ্য যে, মাঘৰ প্ৰথমটো পুৱাত সূৰ্য মকৰ ক্ৰান্তি ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বুলিও কোৱা হয়। মাঘ বিহু যিহেতু কৃষিৰ সৈতে জড়িত, এই বিহুত শস্য চপোৱা উৎসৱ হিচাপে সমগ্ৰ দেশতে পালন কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰে পালন কৰা হয় এই উৎসৱ। অসমত উদযাপন কৰা মাঘ বিহুক তামিলনাডুত পোংগল আৰু পঞ্জাৱৰ লোহৰি উৎসৱ হিচাপে পালন কৰা হয়।

Exit mobile version