Site icon Guwahati Times

মৈৰাবাৰীত বিশাল শোভাযাত্ৰাৰে ভাষা গৌৰৱ সপ্তাহ উদযাপন

সমগ্র অসমত ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ চলি আছে ভাষা গৌৰৱ সপ্তাহ।

অসমীয়া ভাষাক দ্ৰৌপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাত ৰাজ্যজুৰি চলিছে এই ভাষা গৌৰৱ সপ্তাহ।

আজি মৰিগাঁও জিলাৰ আয়ুক্তৰ উপস্থিতিত মৈৰাবাৰী মহাবিদ্যালয়ৰ পৰা মৈৰাবাৰী বজাৰহৈ মৈৰাবাৰী ৰাষ্ট্ৰভাষা হিন্দী স্কুললৈ এক বিশাল শোভাযাত্ৰা উলিওৱা হয়।

এই শোভাযাত্ৰাত মৈৰাবাৰী অঞ্চলৰ প্ৰত্যেকখন শৈক্ষিক অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক সকলেও অংশগ্ৰহণ কৰে।

শোভাযাত্ৰাৰ অন্তত মৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে।

ধিঙৰ পৰা সুৰুজ আলী।

Exit mobile version