Site icon Guwahati Times

‘মোদীৰ চকুপানীয়ে কাৰো জীৱন বচাব নোৱাৰে, বচাব অক্সিজেনেহে…’

কৰ’না সংকটৰ প্ৰসংগ উত্থাপনেৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কেন্দ্ৰক কৰ’নাৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ তেওঁ এখন শ্বেতপত্ৰও প্ৰকাশ কৰে। দেশত কৰ’নাৰ তৃতীয় ঢৌ অৱশ্যম্ভাৱী বুলি ভালেমান বিশেষজ্ঞই ইতিমধ্য মত প্ৰকাশ কৰিছে। এনে আশংকাৰ মাজতে আজি ৰাহুলে মোদীক সমালোচনা কৰি কয়, ‘দ্বিতীয় ঢৌৰ সময়ত মৃত্যুমুখত পৰা ৯০শতাংশ লোকৰ মৃত্যু প্ৰতিহত কৰিব পৰা গ’লহেঁতেন।

এইসকল লোকৰ মৃত্যুৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল অক্সিজেনৰ নাটনি। প্ৰধানমন্ত্ৰী মোদীৰ চকুপানীয়ে এই ভুক্তভোগী পৰিয়ালবোৰৰ চকুপানী মচিব নোৱাৰে। তেওঁৰ চকুপানীয়ে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰে। অক্সিজেনেহে পাৰিব। কিন্তু তেওঁ ইয়াক গুৰুত্ব সহকাৰে নল’লে, কিয়নো তেওঁ তেতিয়া পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ওপৰতে মনযোগ কেন্দ্ৰীভূত কৰিছিল।’

ৰাহুলে ক’ভিডৰ ফলত পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন হেৰাই যোৱা পৰিয়ালবোৰক ক্ষতিপূৰণ দিব নোৱৰা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে, কেন্দ্ৰই পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰি ৪ লাখ কোটি উপাৰ্জন কৰিছে। যিবোৰ পৰিয়ালে তেওঁলোকৰ মূল উপাৰ্জনকাৰীজনক হেৰুৱাইছে সেই পৰিয়ালবোৰত ক্ষতিপূৰণ দিয়া উচিত।

Exit mobile version