Site icon Guwahati Times

মোৰ দুখ লগা নাইঃ দুটি সন্তান বিক্ৰী কৰা মাতৃৰ অপকট স্বীকৰোক্তি

অসমত এতিয়া মুকলিকৈ টকাৰ বিনিময়ত বিক্ৰী হৈছে মানৱ শিশু। ৪০ ৰ পৰা ৬০ হাজাৰ টকাত বিক্ৰী হৈছে ৭মহীয়া দেৱশিশুৰ পৰা ১ বছৰীয়া শিশু। এইবাৰ সভ্য সমাজত লজ্জিত কৰা ঘটনা সংঘটিত হৈছে বিটিআৰৰ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত ।

ধনৰ অভাৱত চিৰাং জিলাৰ ৰুণীখাতা থানাৰ অন্তৰ্গত শিলিখাগুৰীৰ এহাল নিষ্ঠুৰ দম্পতী হুগম নাৰ্জাৰী (২৫) আৰু বিজুলিকা নাৰ্জাৰী (২৩) য়ে ছমাহৰ ভিতৰত দুটিকৈ পুত্ৰ সন্তানক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। এক লাখ টকাৰ বিনিময়ত নিজৰ দুটিকৈ সন্তান বিক্ৰী কৰিলে দম্পতীহালে।

দম্পতীহালৰ দুটি কণ কণ পুত্ৰ-কন্যা থকাৰ পিছতো পুনৰ গৰ্ভৱতী হৈছিল মাতৃ বিজুলিকা নাৰ্জাৰী । অৰ্থৰ অভাৱত বেমাৰী পুত্ৰক চিকিৎসা কৰিব নোৱাৰি ২০২২ চনৰ নবেম্বৰ মাহৰ নিজৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানক ৪০ হেজাৰ টকাৰ বিনিময়ত ওচৰে খুংগ্ৰীং গাঁৱৰ অবিনাশ বৰগয়াৰীৰ বিক্ৰী কৰি দিছিল।

তাৰপাছতে চলিত বৰ্ষৰ জুলাই মাহত দ্বিতীয় পুত্ৰ জন্ম হোৱাৰ এসপ্তাহ পিছতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলী বাসিন্দা নীৰণ স্বৰ্গীয়াৰীক হাতত ৬০ হেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে সন্তানটি।

এক বিশেষ সুত্ৰৰ তথ্যৰ ভিত্তিত ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰে অনুসন্ধান চলোৱাত এই শিশু বিক্ৰীৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে।আৰক্ষীয়ে ইতিমধ্যে সন্তানকেইটিৰ পিতৃ হুগম নাৰ্জাৰীৰ লগতে মানৱ শিশু ক্ৰয় কৰা অবিনাশ বৰগয়াৰী আৰু নীৰণ স্বৰ্গীয়াৰীক গ্ৰেপ্তাৰ কৰিছে ।

মাতৃ বিজুলিকা নাৰ্জাৰীয়ে অকপটে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে একমাত্ৰ দাৰিদ্ৰতাৰ কাৰণেই তেওঁলোক স্বামী-স্ত্ৰী দুজনে মিলি নিজৰ পুত্ৰ সন্তান দুটিক ৪০ হাজাৰ আৰু ৬০ হাজাৰ টকাত বিক্ৰী কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

 

 

source: https://www.asomiyapratidin.in/assam/bodoland/baby-sale-husband-wife-chirang

Exit mobile version