Site icon Guwahati Times

মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত

চৰাইদেউ জিলা অন্তৰ্গত মৰাণ নগৰৰ বিষ্ণুপুৰত আজি বিয়লি প্ৰায় দুই বাজি ৩০ মিনিটত হোৱা এটি অগ্নিকাণ্ড ঘটনাই কেবাটাও পৰিয়ালক গৃহহীন কৰি পেলায় ।

লগতেতথ্য অনুসৰি বিজয় টিৱাৰী নামৰ লোক জনৰ ঘৰৰ লগতে ভাৰাঘৰত ভাৰাতীয়া হিচাপে আছিল ছয়টা পৰিয়াল ।

আজি হঠাৎ হোৱা অগ্নিকাণ্ডত ভাৰাতীয়া সকলৰ লগতে টিৱাৰী পৰিয়ালৰো সকলো সম্পতি জুইত জাহ যায় ।উল্লেখযোগ্য যে , অগ্নিকাণ্ডটো শ্বৰ্টচাৰ্কিটৰ পৰা সৃষ্টি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ।

তথ্য অনুসৰি পৰিয়ালৰ এজন ছাত্ৰৰ কাইলৈ মেট্ৰিক পৰীক্ষা আছিল । জুই শিখা ইমানেই ভয়ংকৰ আছিল ছাত্ৰ জনৰ কিতাপ – পত্ৰকে ধৰি একো ৰক্ষা কৰিব পৰা নগ’ল ।

পৰিয়ালৰ মূৰৰ্বী বিজয় টিৱাৰীয়ে জানিবলৈ দিয়া মতে কেবালাখ টকাৰ সা – সম্পতি জুইত জাহ যায় । মৰাণৰ অগ্নিনিৰ্বাপক বিভাগক লগে লগে যোগাযোগ কৰা হৈছিল যদিও সময়ত আহি নোপোৱাত পৰিয়ালৰ লগতে স্থা্নীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

মৰাণৰ অগ্নিনিৰ্বাপক গাড়ী পলম কৰাত মৰাণ অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ লগত যোগা যোগ কৰা হয় আৰু অইলৰ অগ্নি অনিৰ্বাপক গাড়ী লগে লগে অহাত জনবসতিপূৰ্ণ এলেকাটো এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ।

Exit mobile version