Site icon Guwahati Times

মৰ্মান্তিক! হৃদয় বিদাৰক! শোকাৱহ পথ দুৰ্ঘটনাত ৰাজ্যৰ জনপ্ৰিয় Youtuberৰ মৃত্যু, শোকস্তব্ধ অনুৰাগী

মৰ্মান্তিক! হৃদয় বিদাৰক! মৃত্যু এতিয়া সহজ। শোকাৱহ পথ দুৰ্ঘটনাত ৰাজ্যৰ জনপ্ৰিয় Youtuberৰ মৃত্যু। শোকাৱহ পথ দুৰ্ঘটনাৰ ৰাজ্যৰ জনপ্ৰিয় Youtuber অংকুৰ ৰাজ শৰ্মা অকাল মৃত্যু। শিৱসাগৰৰ দৰিকাপাৰ NRLৰ সন্মুখত পথ দুৰ্ঘটনাত পতিত হয় অংকুৰ ৰাজ শৰ্মা। পথৰ দাঁতিত ৰখাই থোৱা মেজিক বাহনত খুন্দা মাৰে অংকুৰ ৰাজ শৰ্মাই চলাই অহা বুলেটখনে।

নিহত Youtuber অংকুৰ ৰাজ শৰ্মাৰ ঘৰ আছি শিৱসাগৰৰ গণকপট্টী। পথৰ দাঁতিত ৰখাই থোৱা মেজিক খনৰ নম্বৰ AS-04BC-4585 আনহাতে বুলেটখনৰ নম্বৰ AS-03Q-7048। শিৱসাগৰৰ বেতবাৰী দিশৰ পৰা শিৱসাগৰ নগৰৰ দিশে আহি আছিল অংকুৰ ৰাজ শৰ্মা। অংকুৰ ৰাজ শৰ্মাৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ অনুৰাগীসকল।

Exit mobile version