Site icon Guwahati Times

যোৰহাট নগৰৰ তৰাজানত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

যোৰহাট নগৰৰ এ টি ৰোডত তৰাজান দলঙৰ সমীপত এখন হোটেলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় বুধবাৰে দুপৰীয়া। অগ্নিকাণ্ডত হোটেলখনৰ লগতে এখন ষ্টেচনাৰী দোকান আৰু এখন মাংসৰ দোকান জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত কাষতে থকা এটা ভৱনৰো বিস্তৰ ক্ষতি হয়। এই ভৱনটোত আছিল কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান।

অতি ঘন বসতিপূৰ্ণ ব্যৱসায়িক অঞ্চলটোত জুই অধিক সম্প্ৰসাৰিত হোৱাৰ পূৰ্বেই অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ কাষতে আছিল বৃহৎ আৱাসিক এলেকা।

অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। এ টি ৰোডৰ কাষতে হোৱা অগ্নিকাণ্ডৰ ফলত পথটোত ব্যাপক যানজটৰ সৃষ্টি হয়।

Exit mobile version