Site icon Guwahati Times

যৌতুকত বুলেট বাইক নিদিয়াৰ বাবেই বিহ খুৱাই হত্যা নৱ বিবাহিতা মহিলাক

যৌতুকৰ বাবে এগৰাকী মহিলাক স্বামীৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ অভিযোগ। বিহাৰৰ বাক্সাৰ জিলাত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি, মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে যৌতুক হিচাপে দাবী কৰিছিল বুলেট বাইক।

মহিলাগৰাকীৰ আত্মীয়ই দাখিল কৰা এজাহাৰৰ ওপৰত আৰক্ষীয়ে স্বামীৰ পৰিয়ালৰ লোকক জিম্মাত লৈ জেৰা কৰে। যোৱা বছৰ যুৱতীগৰাকীৰ বিয়া হৈছিল। মহিলাগৰাকীৰ ভাতৃয়ে কয় যে বুলেট বাইক যৌতুক হিচাপে নিদিয়াৰ বাবে তেওঁৰ ভগ্নীয়ে স্বামীৰ পৰিয়ালৰ পৰা প্ৰায়েই শাৰীৰিক নিৰ্যাতনৰ বলি হৈছিল।

ঘটনাৰ দিনা মহিলাগৰাকীক স্বামীৰ পৰিয়ালে পিতৃৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ লৈ যায়। ইয়াৰ পিছতে যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটে আৰু তেওঁৰ মৃত্যু হয়। স্বামীৰ পৰিয়ালে বিষাক্ত দ্ৰব্য সেৱন কৰাই হত্যা কৰা বুলি আত্মীয়ই অভিযোগ উত্থাপন কৰিছে।

Exit mobile version