Site icon Guwahati Times

লখিমপুৰত থানাৰ ভিতৰতে আচামীৰ মৃত্যু, থানাৰ ভিতৰত কেনেকৈ মৃত্যু হ’ল আচামীৰ, ৰাইজৰ প্ৰতিবাদ

লখিমপুৰৰ খেলমাটি থানাত সংঘটিত হৈছে এক অঘটন। থানাৰ ভিতৰতে মৃত্যু এজন ব্যক্তিৰ। নিহত লোকজনৰ নাম আৰ্চভ আলী বুলি জানিব পৰা গৈছে। আৰ্চভ আলীৰ ঘৰ লখিমপুৰৰ চান্দমাৰিত। এটা ম’বাইলক কেন্দ্ৰ কৰি আৰ্চভ আলীক থানালৈ মতাই আনিছিল খেলমাটি আৰক্ষীয়ে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, আৰ্চভ আলী ম’বাইল চুৰি গেঙৰ লীডাৰ। থানাৰ ভিতৰতে হঠাৎ অসুস্থ হৈ মজিয়াত বাগৰি পৰি আৰ্চভ আলীৰ মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি খেলমাটি থানা চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বহু লোক আহি থানা চৌহদত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। থানা ঘেৰাও কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাৰ পিছতে ASI দিপাংকৰ চাংমাইক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। আচামীৰ মৃত্যু ঘটনাত হেড কনিষ্টবলক নিলম্বন আৰক্ষী অধীক্ষকৰ।

Exit mobile version