Site icon Guwahati Times

লাভ জেহাদৰ অভিযোগত গ্ৰেপ্তাৰ ৰিতুল হুচেইন…

লাভ জেহাদৰ অভিযোগত অভিযুক্ত ৰিতুল হুছেইনক গ্রেপ্তাৰ। বৰপেটা আৰক্ষীয়ে মন্দিয়াৰ নিজ গৃহৰ পৰা গ্রেপ্তাৰ কৰে ৰিতুলক।

বৰপেটাৰ এগৰাকী ভুক্তভোগী যুৱতীৰ অভিযোগৰ ভিত্তিত গ্রেপ্তাৰ হয় ৰিতুল।যুৱতীগৰাকীয়ে মহানগৰীৰ দিছপুৰ থানাত ৰুজু কৰিছিল গোচৰ। তাৰপাছতে দিছপুৰ থানাই গোচৰটো বৰপেটা থানালৈ সলনি কৰিছিল।

চেঙাৰ বিধায়ক আশ্রাফুল হুছেইনৰ বিৰুদ্ধেও যুৱতী গৰাকীয়ে আনিছিল অভিযোগ। লগতে যুৱতীগৰাকীয়ে বিজেপি নেতা জিতু তালুকদাৰৰ বিৰুদ্ধে দিছিল অভিযোগ।

উল্লেখ্য যে, যোৱা কেইমাহমান ধৰি ৰিতুল হুচেইন আৰু যুৱতী গৰাকীক লৈ ছচিয়েল মিডিয়াত বহু চৰ্চা চলিছিল। প্ৰথম পৰ্যায়ত যুৱতী গৰাকীয়ে কৈছিল যে তেওঁ ৰিতুলৰ লগত ৩ বাৰকৈ পলাই গৈ বিয়া হৈছে। পিতৃ-মাতৃৰ বিৰুদ্ধেও কটু মন্তব্য কৰিছিল যুৱতী গৰাকীয়ে।

পৰৱৰ্তী পৰ্যায়ত যুৱতী গৰাকীয়ে সংবাদমেল সম্বোধন কৰি ৰিতুলৰ ওপৰত বহু অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছতেই এজাহাৰ দাখিল কৰিছিল যুৱতী গৰাকীয়ে।

Exit mobile version